বিশ্বনাথ, 9 মাৰ্চঃ অৰুণাচল চৰকাৰে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত পথ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৷ ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ নামেৰে ভৈৰৱকুণ্ডৰ পৰা পাচিঘাটলৈ নিৰ্মাণ হ’বলগীয়া পথৰ ইতিমধ্যে তৈয়াৰ কৰা হৈছে নক্সা ৷ নদীবান্ধৰ সামগ্ৰী কঢ়িয়াবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নিত্য নতুন কৌশল ৷ ফলত জৈৱ বৈচিত্ৰ ধ্বংসৰ দিশে আগবঢ়াৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশত ৷ ইতিমধ্যে পথ নিৰ্মাণৰ বিৰুদ্ধে ছ’চিয়েল মেডিয়াত ফটো, ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণাচলৰ প্ৰকৃতিপ্ৰেমী লোকসকলে ৷ বিষয়টো সন্দৰ্ভত বৰ্তমান নীৰৱ ভূমিকা গ্ৰহণ কৰিছে অসমৰ বিভিন্ন দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী লোকসকলে ৷
উল্লেখ্য যে, বিলুপ্ত হ’বলৈ ধৰা বাঘৰ কেইবাটাও প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগশাৰীত আছে অসমৰ নামেৰী আৰু অৰুণাচল প্ৰদেশৰ পাকে টাইগাৰ ৰিজাৰ্ভ ৷ বাঘ বিষয়ক গৱেষণা কৰিবলৈ দুয়োখন সংৰক্ষিত বনাঞ্চললৈ প্ৰতিবছৰে আহে দেশী-বিদেশী গৱেষকসকল ৷ কিন্তু দুয়োখন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ শেহতীয়াকৈ নামি আহিছে সংকট ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অৰুণাচল প্ৰদেশ চৰকাৰে পাকে টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে এটা অত্যাধুনিক পথ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে ৷ এই পথে দুভাগত বিভক্ত কৰিব সংৰক্ষিত বনাঞ্চলখনক ৷ গছ-গছনি কাটি পথ নিৰ্মাণৰ কাম আৰম্ভ হ'লে ধ্বংস হৈ পৰিব সংৰক্ষিত বনাঞ্চলখন ৷
কেৱল পাকে নহয়, এই পথ নিৰ্মাণ হ'লে অসমৰ নামেৰি টাইগাৰ ৰিজাৰ্ভৰ এটা অংশ হ’ব ক্ষতিগ্ৰস্ত ৷ নিৰ্মাণ হ’বলগীয়া পথটোৰ দুৰত্ব প্ৰায় ৫৩৫ কিল’মিটাৰ ৷ সম্প্ৰতি পথ নিৰ্মাণক লৈ চুবুৰীয়া ৰাজ্য অৰুণাচলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ৰাজ্যখনৰ পাকে কাচেং জিলাৰ জৰ্জু টানাতাৰা নামৰ প্ৰকৃতিপ্ৰেমী লোকেজনে সংগ্ৰহ কৰিছে নিৰ্মাণ হ’বলগীয়া পথটোৰ সমূহ তথ্য ৷ উক্ত বনাঞ্চলত বাঘৰ লগতে আছে হাতী, বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিকে আদি কৰি অন্য জীৱ-জন্তু ৷ গছ-বন কাটি পথ নিৰ্মাণ কৰিলে প্ৰভাৱ পৰিব অঞ্চলটোৰ জৈৱ বৈচিত্ৰত ৷ দেশৰ আন ঠাইৰ পৰা বাঘ বিষয়ত গৱেষণা কৰিবলৈ অহা গৱেষকসকলে চৰকাৰৰ এই সিদ্ধান্তক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে ৷
গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ১৫০টাৰো অধিক সৰু-বৰ নদীবান্ধ ৷ যিহেতু নদীবান্ধৰ সামগ্ৰী অসমৰ মাজেৰে কঢ়িয়ালে স্থানীয় দল-সংগঠনে বাধা প্ৰদান কৰে সেইবাবে উক্ত সামগ্ৰী কঢ়িওৱাৰ উদ্দেশ্য পথ নিৰ্মাণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নিত্য নতুন কৌশল ৷ চুবুৰীয়া ৰাজ্যখনত নদীবান্ধ সমূহ নিৰ্মাণ হ'লে অসমত পৰিব ইয়াৰ ঋণাত্মক প্ৰভাৱ ৷ ইতিমধ্যে বলিউডৰ বহুকেইগৰাকী শিল্পী বিষয় সন্দৰ্ভত থিয় হৈছে অৰুণাচলৰ লোকসকলৰ লগত ৷ দেশৰ প্ৰধানমন্ত্ৰী,বন মন্ত্ৰী আদি কৰি কেইবাটাও বিভাগৰ মন্ত্ৰী-বিষয়াকে আদি কৰি অসম চৰকাৰলৈ ইয়াৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ বিপৰীতে বৰ্তমানলৈকে নীৰৱ হৈ আছে অসমৰ দল-সংগঠন তথা প্ৰকৃতিপ্ৰেমী লোকসকল ৷ ফলত ধ্বংসৰ কৱলত পৰাৰ সম্ভাৱনা আছে দুয়োখন সংৰক্ষিত বনাঞ্চল ৷