বিশ্বনাথ,২৪ জুন: দেশত এতিয়া অগ্নিপথৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে(Agnipath fiery country) । অগ্নিপথ নিয়োগ আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে বিভিন্ন ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষিত যুৱকসকলে(Protest against Agnipath scheme) । ইয়াৰ ভিতৰত বিহাৰত সেনাৰ চাকৰি প্ৰাৰ্থীসকলে আচঁনিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ ৰে'লত অগ্নি সংযোগ কৰি এই প্ৰতিবাদক এক হিংসাত্মক ৰূপ দিয়া দেখা গৈছিল ।
তাৰ তুলনাত অসমত বিভিন্ন জিলাত যথেষ্ট শান্তিপূৰ্ণভাৱে এই আচঁনিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো বিভিন্ন দল সংগঠনে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । আনহাতে এই আচঁনিখনৰ বিৰোধিতা তথা বাতিলৰ দাবীত শুক্ৰবাৰে বিশ্বনাথ জিলা চি পি আই (এমএল) আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক বিপ্লৱী যুৱ সন্থাই যুটীয়া ভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিহালী উন্নয়ন খণ্ড বিষয়াৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Memorandum sent to PM Narendra Modi) ।
ইফালে একেখন স্মাৰক পত্ৰতে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে যুজঁ দিবলৈ ২ হাজাৰ কোটি টকাৰ এক পেকেজ আৰু অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বনাপীড়িত ৰাইজক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য যোগান ধৰিবলৈ দাবী জনাই চি পি আই এম এলে । জিলা সম্পাদক নাৰায়ণ পৌড়েল, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলৰ নৰোত্তম চুণ্ডী, বিপ্লৱী যুৱ সন্থাৰ ৰাজ্যিক সদস্য মোকেশ চাহু স্বাক্ষৰিত এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ।
লগতে পঢ়ক: মৈৰাবাৰীৰ পৰা জব্দ ১২০ টা কফ্ চিৰাফ আৰু ২২০ টা নিচাজাতীয় দ্ৰব্য