ETV Bharat / state

ৰাজ্যত পুনৰ ক’ভিড আক্ৰান্তৰ পলায়ন - covid patient runaway

বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিৰ পলায়ন ৷ বিশ্বনাথ আৰক্ষীৰ তৎপৰতাত পুনৰ উদ্ধাৰ হয় পলাতক ব্যক্তিজন ৷

covid patient runaway
পুনৰ ক’ভিড আক্ৰান্তৰ পলায়নৰ ঘটনা ৰাজ্যত
author img

By

Published : Apr 27, 2021, 12:37 PM IST

বিশ্বনাথ,২৭ এপ্ৰিল: বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা সোমবাৰে নিশা প্ৰায় ৮ বজাত শ্যামল বৰুৱা(৩০) নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিয়ে চলাই পলায়নৰ চেষ্টা । অৱশ্যে, বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপু বড়োৰ তৎপৰতাত আধা ঘণ্টাৰ ভিতৰতে পুনৰ ক’ভিড আক্ৰান্ত ব্যক্তি গৰাকীৰ সন্ধান উলিয়াই বিশ্বনাথ নগৰৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চমজাই দিয়ে ৷

জানিব পৰা মতে, পলাতক লোকজন বিশ্বনাথৰ গহপুৰৰ হাৱাজানৰ নপমুৱাৰ বাসিন্দা । পলায়ন কৰা লোকজনে চিকিৎসালয়খনৰে চিকিৎসাধীন আন এগৰাকী ক’ভিড আক্ৰান্ত লোকৰ সৈতে কাজিয়া কৰি পলায়ন কৰা বুলি চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্ত কৰে ।

লগতে পঢ়ক: পত্নীক হত্যা কৰি নদীত জপিয়াই পলায়নৰ চেষ্টা স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.