বিশ্বনাথ, ৩ জুন : ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো দৈনিক বৃদ্ধি পাইছে কভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা । পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ লগতে বিহালী গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু স্বাস্থ্য কৰ্মীয়ে কভিড-১৯ বিৰুদ্ধে অহৰহ সজাগতা অব্যাহত ৰাখিছে ।
![covid-awarness-among-tea-workers-by-all-assam-tribal-students-union](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12013484_img.jpg)
বিগত তিনি দিন ধৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিহালী আঞ্চলিকৰ সমিতিৰ উদ্যোগত আৰু বিহালীৰ বিশিষ্ট সমাজ সেৱক প্ৰেমলাল গঞ্জুৰ সহযোগত বিহালী কেটেলা চাহ বাগিছা, বৰগাং চাহ বাগিছা, নিউ কেটেলা চাহ বাগিছা আৰু বিহালী চাহ বাগিছাত সজাগতা অভিযান অব্যাহত আছে ৷
বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ এটা দল উপস্থিত হৈ চাহ শ্ৰমিক সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শ্ৰমিক সকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ।
লগতে পঢ়ক: পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?