ETV Bharat / state

ব্যতিক্ৰমী পদ্ধতিৰে ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি এগৰাকী শিক্ষকৰ - ক’ভিড- ১৯ আক্ৰান্ত

বিগত কেইবাদিনো ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত নিজৰ এল্টু গাড়ী খনত এটা চাউণ্ড ব্যৱস্থাপণা সংযোগ কৰি হাতত মাইক্ৰফোন লৈ স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শ সমূহ ৰাইজক পালন কৰিবলৈ আহ্বান জনাই আহিছে ৷

covid-19 awareness program a teacher at biswanatha
ব্যতিক্ৰমী পদ্ধতিৰে ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি এগৰাকী শিক্ষকৰ
author img

By

Published : Sep 16, 2020, 7:57 PM IST

বিশ্বনাথ ,১৬ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত সংখ্যা । অসমৰ আন আন জিলা লগতে বিশ্বনাথ জিলাতো বৃদ্ধি পাইছে ক’ভিড- ১৯ আক্ৰান্ত সংখ্যা যদিও আজোকোপতি সজাগ নহয় একাংশ জনসাধাৰণৰ ।

ব্যতিক্ৰমী পদ্ধতিৰে ক’ৰণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি এগৰাকী শিক্ষকৰ

ইফালে তাৰমাজতে বিহালী শিক্ষা খণ্ড অধিনৰ এজন টে'ট শিক্ষক বিশ্বজিৎ ৰয়ে ৰাইজৰ মাজত ক’ৰণা সজাগতা সৃষ্টিৰ উদ্দেশ্য গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ বিগত কেইবাদিনো ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত নিজৰ এল্টু গাড়ী খনত এটা চাউণ্ড ব্যৱস্থাপণা সংযোগ কৰি হাতত মাইক্ৰফোন লৈ স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শ সমূহ ৰাইজক পালন কৰিবলৈ আহ্বান জনাই অহা দেখা গৈছে । আন দিনাৰ দৰে বুধবাৰেও বিশ্বনাথ নগৰ বিহালী বৰগাঙকে ধৰি বহু স্থানত শিক্ষক গৰাকীয়ে প্ৰচাৰ চলাই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা গ’ল । শিক্ষক জনৰ এনে প্ৰচেষ্টাক স্থানীয় সচেতন ৰাইজে শলাগ লোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ লখিমপুৰত কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.