ETV Bharat / state

বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত সজাগতা সভা - বিহালী

বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত বিহালী উন্নয়ন খণ্ডৰ প্ৰেক্ষা গৃহত সোমবাৰে ক'ভিড-১৯ সম্পর্কত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ ক'ভিড পৰিস্থিতিত সকলোকে তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায় বিধায়ক ৰঞ্জিত দত্তই ৷

covid-19 Awareness Meeting held by MLA Ranjit Dutt in Bihali
বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত ক'ভিড-19 সজাগতা সভা
author img

By

Published : May 18, 2021, 1:19 PM IST

বিহালী,18 মে': বিহালী উন্নয়ন খণ্ডৰ সভাকক্ষত সোমবাৰে ক'ভিড-১৯ সম্পর্কত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই এই সজাগতা সভাত বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ওপৰত চোকা নজৰ ৰাখিবৰ বাবে সকলোকে আহ্বান জনায় । তাৰোপৰি পঞ্চায়তে পঞ্চায়তে চেনিটাইজ কৰাবৰ বাবে পঞ্চায়ত সভাপতি, সচিব আৰু সদস্যসকলক আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

সভাখনত উপস্থিত থাকি বিহালী প্রেছ ক্লাবৰ সম্পাদক খগেন মটকে কয় যে, হাস্পতালসমূহত ক'ভিড ভেকচিন ল'বলৈ গৈ বহু লোক অসুবিধাত পৰা দেখা গৈছে । তদুপৰি হাস্পতালসমূহত চিকিৎসকসকলৰ সংখ্যাও সীমিত আৰু প্ৰায়বোৰ স্বাস্থ্য কেন্দ্ৰতেই ক'ভিড কীটৰো অভাৱ দেখা গৈছে । গতিকে এই অসুবিধাসমূহ দূৰ কৰিবলৈ চৰকাৰক আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত ক'ভিড-19 সজাগতা সভা

উক্ত সভাখনত বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্রী গ‌ীতা দাস, বিহালী উন্নয়ন খণ্ডৰ বিষয়া ৰূপমোহন সিং মুটুম, সহকাৰী কার্যবাহী অভিযন্তা ভূপেন বৰুৱা, জিলা পৰিষদৰ কার্যবাহী বিষয়া ৰঞ্জিত স্বর্গীয়াৰী, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেৱী ঢাকাল, বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো, বৰগাং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া থানেশ্বৰ চুতীয়াসহ ৯ খন গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকল উপস্থিত থাকে ৷ উপস্থিত লোকসকলক ক'ভিডৰ ক্ষেত্ৰত একান্তভাৱে কাম কৰিবলৈ আহ্বান জনাই বিধায়ক ৰঞ্জিত দত্তই ৷

লগতে পঢ়ক-শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.