ETV Bharat / state

বিহালীৰ টেলেঙনীয়াৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ - Biswanath Covid update

মঙলবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতা আৰু জিলা উপায়ুক্ত নিৰ্দেশত গাঁৱখনৰ ৩ নং, ৪ নং, ৫ নং ৱাৰ্ডৰ অঞ্চল সমূহ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । উল্লেখ্যযোগ্য যে, গাঁৱখনৰ ৪০ গৰাকীৰ ব্যক্তি ক’ভিড মহামাৰীত আক্ৰান্ত হোৱাৰ লগে লগে বিহালী প্ৰাথমিক চিকিৎসালয় পৰা আজি ৫ জনীয়া চিকিৎসক দলে দিনটো ২৭৮ ঘৰৰ পৰিয়ালৰ সদস্যক ৰেপিড টেষ্ট কৰা ফলাফলৰ পাছত ১৬ গৰাকীৰ দেহত নতুনকৈ ক’ভিড-১৯ পজিটিভ ধৰা পৰে ।

বিহালীৰ টেলেঙনীয়াৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ

author img

By

Published : Jun 1, 2021, 10:42 PM IST

বিশ্বনাথ, ১ জুন: সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো ক’ৰণা অতিমাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশ্বনাথ জিলাখনত সম্প্ৰতি ক’ভিড আক্ৰান্তৰ সংখ্যাই ২৩৭৭ অতিক্ৰম কৰাৰ বিপৰীতে ৩০ গৰাকীয়ে ক’ভিড আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লৈছে ৷ শেহতীয়াকৈ বিহালী সমষ্টিৰ টেলেঙনীয়া গাঁৱত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ক’ভিডে । ইপিনে মঙলবাৰৰ দিনটোত গাঁৱখনত ৪০ গৰাকী লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি পোৱা গৈছে ।

ইফালে মঙলবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতা আৰু জিলা উপায়ুক্ত নিৰ্দেশত গাঁৱখনৰ ৩ নং, ৪ নং, ৫ নং ৱাৰ্ডৰ অঞ্চল সমূহ কন্টেনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য যোগ্য যে, গাঁৱখনৰ ৪০ গৰাকীৰ ব্যক্তি ক’ভিড মহামাৰীত আক্ৰান্ত হোৱাৰ লগে লগে বিহালী প্ৰাথমিক চিকিৎসালয় পৰা আজি ৫ জনীয়া এটা চিকিৎসক দলে দিনটো ২৭৮ ঘৰৰ পৰিয়ালৰ সদস্যক ৰেপিড টেষ্ট কৰা ফলাফলৰ পাছত ১৬ গৰাকীৰ দেহত নতুনকৈ ক’ভিড-১৯ পজিটিভ ধৰা পৰে ।

একেদৰে মুঠ টেলেঙনীয়া গাঁও পঞ্চায়তৰ ৪০ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ত । ইফালে উক্ত লোক সকলক বালিচাং মডেল চিকিৎসালয়, জনতা ক’ভিড চেন্টা আৰু বৰগাং মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আনহাতে, টেলেঙনীয়া গাঁও পঞ্চায়ত সভানেত্ৰী হিমাদ্ৰ দাসৰ উদ্যোগত আৰু টেলেঙনীয়া বিশিষ্ট সমাজ সেৱক ক্ষীৰোদ দাসৰ নেতৃত্বত সম্প্ৰতি গাঁৱখনত সজাগতা সৃষ্টি কৰা লগতে গাঁও খনৰ ২৭৮ ঘৰৰ ১৪৪৮ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য বাবে সকলো সা-সুবিধা ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ তিনিচুকীয়াত ভুলবশতঃ সৎকাৰ কৰা মৃতদেহটো প্ৰকৃততে কাৰ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.