ETV Bharat / state

বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান - বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

কোনো দুষ্ট চক্ৰই জোৱান জনক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দিয়াৰ সন্দেহ ৷ নিশা বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত নবীন সৰকাৰ নামৰ আৰক্ষী জোৱান জনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়

বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান
author img

By

Published : Sep 24, 2019, 11:16 AM IST

বঙাইগাঁও, 24 ছেপ্টেম্বৰঃ বঙাইগাঁও চহৰৰ ৰেলৱে অল্ড কলনিৰ শনি মন্দিৰৰ কাষত সোমবাৰে নিশা এজন যুৱকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা যুৱকজন অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ জোৱান নবীন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে ৷

নবীন সৰকাৰৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অধীনৰ শ্ৰীৰামপুৰত ৷ সন্দেহ কৰা হৈছে যে, যাত্ৰীবাহী ৰেলেৰে যাত্ৰা কৰাৰ সময়তে কোনো দুষ্ট চক্ৰই সৰকাৰক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দিয়ে যাৰ ফলত অচেতন হৈ যায় জোৱান জন ৷ আৰু ইয়াৰ পাচতে নিশা বঙাইগাঁও ৰেল ষ্টেচনৰ সমীপত সৰকাৰক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি যুৱকজনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত ভৰ্তি কৰাইছে যদিও এই পৰ্যন্ত চেতনা ঘূৰি অহা নাই জোৱান জনৰ ৷

Intro:বঙাইগাঁৱত অচেতন অৱস্থাত উদ্ধাৰ বেটেলিয়নৰ জোৱান । চিকিৎসালয়ত ভৰ্তি ।

Body:বঙাইগাঁও চহৰৰ ৰেলৱে ওল্ড কলনিৰ শনি মন্দিৰৰ কাষত কালি নিশা ৯ মান বজাত এজন যুৱকক অচেতন অৱস্থাত উদ্ধাৰ হয় ৷ পিছত যুৱকজনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানত ভৰ্তি কৰে ৷ অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱক জনক অষ্টম অসম আৰক্ষী বাহিনীৰ যোৱান বুলি চিনাক্ত কৰা হৈছে ৷ যুৱক জনক অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ জোৱান নবীন সৰকাৰ(৩১) বুলি চিনাক্ত কৰা হৈছে ৷

Conclusion:সন্দেহ কৰা হৈছে যে, কোনোবা যাত্ৰীবাহী ৰেলেৰে যাত্ৰা কৰাৰ সময়তে কোনো দুষ্ট চক্ৰৰ পাকত যুকজনক নিচাজাতীয় ঔষধ সেৱন কৰোৱাৰ পাছত যুৱকজন কেনেবাকৈ বঙাইগাঁও ৰেল ষ্টেচনৰ ওচৰত নিশা উদ্ধাৰ হয় ৷ যুৱক জনক অভয়াপুৰীস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ জোৱান নবীন সৰকাৰ(৩১) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱকজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অধীনৰ শ্ৰীৰামপুৰত ৷ সম্প্ৰতি যুৱক জনক সুস্থতালৈ অনাৰ বাবে চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.