বিশ্বনাথ,5জানুৱাৰীঃ ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ তেনে সময়তে তুংগত উঠিছে দল-বাগৰা ৰাজনীতিও ৷ সোমবাৰে বিহালীত কংগ্ৰেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি বিজেপিত যোগদান কৰিলে বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে ৷
বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই সমষ্টিৰ উন্নয়নৰ বাবে কৰা কামৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পদত্য়াগী কংগ্ৰেছ কৰ্মীসকলে ৷
উল্লেখ্য যে,সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অধীনৰ বহু সংখ্যক সক্ৰিয় কংগ্ৰেছ কৰ্মীয়েও বিহালী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত যোগদান কৰে ৷ আনহাতে, প্ৰতিদিনেই বিহালীত বিজেপিমুখী হোৱা কংগ্ৰেছ কৰ্মীসকলৰ বাতৰিয়ে একপ্ৰকাৰ সমষ্টিটোত যোগ্য কংগ্ৰেছ নেতাৰ অভাৱ হোৱা বুলি সচেতন মহলত চৰ্চা চলিছে ৷
লগতে পঢ়কঃ কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ