ETV Bharat / state

Clerk Caught Taking Bribe: টকাৰ খঁক: এইবাৰ বিশ্বনাথত উৎকোচ লৈ হাত দাঙিলে কেৰাণীয়ে

বিশ্বনাথত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল হাইস্কুলৰ কেৰাণী ৷ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ কেৰাণী আনোৱাৰ হুছেইন (High School Clerk detained for accept bribe) ৷

author img

By

Published : Apr 6, 2023, 1:42 PM IST

High School Clerk detained for accept bribe
হাত দাঙিলে খঁকুৱা কেৰাণীয়ে

বিশ্বনাথ ৬ এপ্ৰিল : দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানত ইজনৰ পিছত সিজন গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী ৷ ক্ৰমাৎ দীঘলীয়া হৈছে গ্ৰেপ্তাৰ হোৱা দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ তালিকা ৷ কিন্ত তথাপিতো চকু মুকলি হোৱা নাই একাংশ বিষয়া-কৰ্মচাৰীৰ ৷ ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ পাছতো এতিয়াও টকাৰ খঁকুৱা এইসকল বিষয়া-কৰ্মচাৰীৰ গা লৰা পৰিলক্ষিত হোৱা নাই ৷

উৎকোচ লৈ হাত দঙাৰ প্ৰতিযোগিতাত পিছ পৰি নাথাকিল হাইস্কুলৰ কেৰাণীও ৷ এইবাৰ বিশ্বনাথত উৎকোচ লৈ হাত দাঙিলে হাইস্কুলৰ কেৰাণীয়ে ৷ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুল কেৰাণী আনোৱাৰ হুছেইন (High School Clerk detained for accept bribe) ৷

High School Clerk detained for accept bribe
বিশ্বনাথত উৎকোচ লৈ হাত দাঙিলে কেৰাণীয়ে

আজি প্ৰায় ১১‌.৩০ বজাত বিশ্বনাথ নগৰৰ পদপথত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আনোৱাৰ হুছেইন নামৰ বিদ্যালয়ৰ এই কেৰাণীজনক ৷ জানিব পৰা মতে বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ শিক্ষক আবুল কাছেম যোৱা ২০২২ চনৰ মাৰ্চত বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ কিন্তু শিক্ষকগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ বিদ্যালয়ৰখনৰ কেৰাণী আনোৱাৰ হুছেইনে অৱসৰ গ্ৰহণ কৰা শিক্ষক জনৰ পৰা ২২ হাজাৰ টকাৰ উৎকোচ দাবী কৰি আহিছিল ৷ যাৰ বাবে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকী কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ (High School Clerk Caught taking bribe) ৷

ইফালে অৱসৰ গ্ৰহণ কৰা শিক্ষক গৰাকীয়ে আজি বিশ্বনাথ নগৰত কেৰাণী আনোৱাৰ হুছেইনক টকা দিয়াৰ কথাৰে আমন্ত্ৰণ কৰি দোকান এখনত দুয়ো আলোচনা কৰি আগধন হিচাপে ৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰে কেৰাণী আনোৱাৰ হুছেইনক (High School Clerk detained over bribery charge) ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীক বাৰম্বাৰ সকিয়নী প্ৰদান কৰি আহিছে যদিও, মুখ্যমন্ত্ৰীৰ সকীয়নিকো এতিয়া কেৰেপ নকৰা হৈছে একাংশ টকা খঁকুৱা ধুৰন্ধৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে (Clerk Caught Taking Bribe) ৷

লগতে পঢ়ক: Police officer caught taking bribe: এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.