ETV Bharat / state

কেবৰ বিৰুদ্ধে দাওদাওকৈ জ্বলি আছে প্ৰতিবাদৰ জুই - নগাঁওত উত্তাল প্ৰতিবাদ অব্যাহত

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ দুয়োখন সদনতে গৃহীত হোৱাৰ পিচত সমগ্ৰ ৰাজ্যত আন্দোলনে বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বটদ্ৰৱা, টিংখাঙ, গহপুৰ, চতিয়া আৰু নগাঁওত উত্তাল প্ৰতিবাদ অব্যাহত ৷

CAB protest regularly in Assam
কেবৰ বিৰুদ্ধে দাওদাওকৈ জ্বলি আছে প্ৰতিবাদৰ জুই
author img

By

Published : Dec 12, 2019, 2:45 AM IST

নিউজ ডেস্ক, 11 ডিচেম্বৰঃ লোকসভাৰ পিচত বুধবাৰে নিশা ৰাজ্যসভাতো গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ ক্ষোভৰ অগ্নিত জ্বলিছে সমগ্ৰ অসম ৷ ঠায়ে ঠায়ে প্ৰতিবাদৰ বিভিষিকা অসমীয়াৰ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উগ্ৰ ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে ৷ ঠায়ে ঠায়ে ব্যাহত ইন্টাৰনেট সেৱা ৷ জাৰি কৰা হৈছে সান্ধ্য আইন ৷ ভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ ৰাইদঙীয়াতো নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ শতাধিক ৰাইজে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি বিধায়িকা আঙুৰলতা ডেকাৰ বেনাৰ পোষ্টাৰ তথা নাম ফলক ভাঙি দিয়ে প্ৰতিবাদকাৰীসকলে ৷ সৰ্বানন্দ সোণোৱাল হায় হায়, আঙুৰলতা ডেকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে আকাশ-বতাহ ৷

বটদ্ৰৱা কেবৰ বিৰুদ্ধে দাওদাওকৈ জ্বলি আছে প্ৰতিবাদৰ জুই

টিংখাংঃ টিংখাঙতো কেব বিৰোধী প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি ৷ টিংখাঙক ৰাজগড়ত শ-শ প্ৰতিবাদকাৰীয়ে ৰাজপথত টায়াৰ জ্বলাই অৱৰোধ কৰে মৰাণ-নাহৰকটীয়া পথ ৷ কৃষক মুক্তি, আছুকে ধৰি কেইবাটাও সংগঠনৰ লগতে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

টিংখাঙত কেবৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

গহপুৰঃ সমগ্ৰ ৰাজ্য লগতে বিশ্বনাথ জিলাৰ গহপুৰতো অধিক উত্তপ্ত পৰিস্থিতি কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ । হাজাৰ হাজাৰ প্ৰতিবাদীয়ে ৰে’ল অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বিশ্বনাথত প্ৰতিবাদ অব্যাহত

চতিয়াঃ চতিয়া সমষ্টিৰ বিভিন্ন স্থানত কেবৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদত কঁপিল আকাশ-বতাহ ৷ সমষ্টিটোৰ বিভিন্ন দল, সংগঠনৰ সহযোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত ভিন্ন অঞ্চলৰ ৰাইজে যথেষ্ট সহযোগ আগবঢ়ায় ৷ সমষ্টিটোৰ চতিয়া, কুসুমটোলা, মাধৱ, জামুগুৰিহাটকে ধৰি বহু কেইটা অঞ্চলত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে প্ৰতিবাদকাৰী সকলে ৷প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়ত কৰা যাত্ৰীবাহী বহু বাছ, ট্ৰাক , বিভিন্ন গাড়ী বহু সময় ধৰি অবৰোধ কৰি ৰাখে ৷ উল্লেখ্য যে প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ গ’ বেক, হিমন্ত বিশ্ব গ’ বেক, কাপুৰুষ হিমন্ত বিশ্ব ভৰিৰ তলত,পদ্ম হাজৰিকা মুৰ্দাবাদ আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চতিয়াত কেবৰ বিৰুদ্ধে দাওদাওকৈ জ্বলি আছে প্ৰতিবাদৰ জুই

নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে জুবিন ফেন ক্লাৱে । প্ৰতিবাদকাৰীসকলে চৰকাৰৰ সুমতি বিচাৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে । জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ পিচতো নীৰৱ হৈ থকা ৰাজ্য চৰকাৰৰ সুমতি বিচাৰি নগাঁও মহাবিদ্যালয় চুকত বন্তি প্ৰজ্বলন কৰে নগাঁৱৰ জুবিন ফেন ক্লাৱে । লগতে পথেৰে যোৱা প্ৰতিজন লোককে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে । চৰকাৰ শুই আছে হৰ্ণ নবজাব আদি লিখা প্লে কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে জুবিন ফেন ক্লাৱে ।

নগাঁওত উত্তাল প্ৰতিবাদ অব্যাহত

আৰু পঢ়কঃ কেবৰ বিৰুদ্ধে অসমত গণ বিদ্ৰোহ

Intro:BREAKING Body:বটদ্ৰৱাৰ ৰাইদঙীয়াত নিশা উত্তপ্ত পৰিস্থিতি । টায়াৰ জ্বলাই ৰাজপথ অবৰুধ কৰিলে দুই শতাধিক ৰাইজে । ৰাজ্য সভাত জাতিধ্বংসী বিধায়ক গৃহীত হোৱাৰ পিছতে বটদ্ৰৱাত ভাঙি জ্বলাই দিলে বিধায়িকা আঙুৰলতা ডেকাৰ বেনাৰ পষ্টাৰ, নাম ফলক । সৰ্বানন্দ সোনোৱাল হায় হায়, আঙুৰলতা ডেকা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল হল আকাশ বতাহ ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.