বিশ্বনাথ ২ জুনঃ বিশ্বনাথৰ বিহালী বৰগাঙৰ অঞ্জন চৌধুৰীৰ মালিকাধীন 'বি আৰ চি' (BRC) ইটাভাটাৰ পুখুৰীৰ সদৃশ দ' খাৱৈত পৰি মৃত্যু হয় ১৩ বছৰীয়া জীৰা লোহাৰ নামৰ কিশোৰী গৰাকীৰ ৷
উল্লেখ্য যে, বিহালী সমষ্টিৰ বৰগাঙৰ ইটাভাটা মালিক অঞ্জন চৌধুৰীৰ অবৈধ কৃষি পথাৰ খননৰ বাবেই প্ৰাণ আদিবাসী কিশোৰী তথা ছাত্ৰী গৰাকীৰ প্ৰাণ গ'ল বুলি অভিযোগ উত্থাপিত হৈছে ৷
পুখুৰী সদৃশ খাৱৈত পৰি সলিল সমাধি ঘটা কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে দৈনিক হাজিৰা কাম কৰিৱলৈ যোৱা অৱস্থাত কিশোৰী গৰাকী গৈছিল সমনীয়াৰ সৈতে গা ধুবলৈ ৷ ইটাভাটাটোত পিতৃ মাতৃয়ে কাম কৰি থকা সময়ত অন্য দুগৰাকী কিশোৰীৰ সৈতে ইটা প্ৰস্তুত কৰা খাৱৈত গা ধুৱলৈ গৈ অকাল মৃত্যুক সাৱতি লয় কিশোৰী গৰাকীয়ে ৷
বিহালীত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইটাভাটা সমুহৰ মালিকে বে-আইনীভাৱে ৰাজহ আৰু ভূমি আইন ১৮৮৬ উলংঘা কৰি অবৈধভাৱে কৃষি পথাৰত খনন চলোৱাত বিহালীৰ কৃষি পথাৰত সৃষ্টি হৈছে পুখুৰী সদৃশ খাৱৈ সমূহৰ৷ ইটাভাটা মালিক পক্ষই চূড়ান্ত বে-আইনীভাৱে ভূমি খনন কৰাত সময়ে সময়ে এনেদৰে পানীত পৰি অকাল মৃত্যু মুখত পৰি আহিছে একাংশ কিশোৰ -কিশোৰী ৷
তাৰপিছতো কোনো গা লৰা নাই ইটাভাটা মালিক পক্ষ কিম্বা বিশ্বনাথ জিলা প্ৰশাসনৰ । বিভিন্ন সময়ত বিশ্বনাথ বিহালী দল সংগঠনে একাংশ ইটাভাটাই অবৈধ ভাৱে কৃষি ভুমি অনিষ্ট কৰি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ কৰি ইটা নিৰ্মাণ কৰি থকা কাৰ্যৰ কথা বিশ্বনাথ চক্ৰ বিষয়াক অৱগত কৰা পাছতো কোনো দিনেই বিষয়টো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে ।
যাৰ পৰিণতিত এনেদৰে ইটাভাটাৰ পুখুৰী সদৃশ খাৱৈত পৰি মৃত্যু হ'বলগাত পৰিছে দুখীয়া-দৰিদ্ৰ শ্ৰমিক পক্ষৰ কিশোৰ কিশোৰী ৷ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সঞ্জীৱ কুমাৰ তাতি আৰু পৱন বাউৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ এই ঘটনাৰ গৰিহণা দি প্ৰশাসনক ন্যায়িক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।