ETV Bharat / state

ডাঠ কাগজৰ টুকুৰাক প্ৰাণবন্ত কৰি তুলিছে এজন কিশোৰে - অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ৰাহুল বৰা

এটি 11 বছৰীয়া মেধাৱী কিশোৰ ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা কুমুদ বৰা আৰু প্ৰণতি বৰাৰ পুত্ৰ 11 বছৰীয়া ৰাহুল বৰাৰ এই অসাধাৰণ প্ৰতিভাই সকলোকে মুগ্ধ কৰি তুলিছে ৷

boy turns an artist during lockdown
ডাঠ কাগজৰ টুকুৰাক প্ৰাণবন্ত কৰি তুলিছে এগৰাকী কণমানীয়ে
author img

By

Published : Aug 25, 2020, 12:01 PM IST

চতিয়া, 25আগষ্টঃ জামুগুৰিহাটৰ ধলাইবিল চামধৰা গাঁৱৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ৰাহুল বৰা নামৰ এগৰাকী কিশোৰৰ অসাধাৰণ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ মহামাৰী কৰ'ণাৰ বাবে বিদ্যালয় বন্ধ থকাৰ সময়খিনিত অধ্যয়নৰ সমান্তৰালকৈ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ৰাহুল বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মূলত পেলনীয়া ডাঠ কাগজৰ কাৰ্টুনৰ টুকুৰাই ৷ ডাঠ কাগজৰ টুকুৰা কাটি কিশোৰগৰাকীয়ে তৈয়াৰ কৰিছে গোঁসাই ঘৰৰ খটলা তথা গুৰু আসন, ট্ৰেক্টৰ, জেচিবি, ফকলেণ্ড, ৰেল, অত্যাধুনিক বন্দুক, ফুলদানী, বাঁহৰ বাহী, চকী ইত্যাদি ৷

ডাঠ কাগজৰ টুকুৰাক প্ৰাণবন্ত কৰি তুলিছে এগৰাকী কণমানীয়ে

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা কুমুদ বৰা আৰু প্ৰণতি বৰাৰ পুত্ৰ 11 বছৰীয়া ৰাহুল বৰাৰ এই অসাধাৰণ প্ৰতিভাই সকলোকে মুগ্ধ কৰি তুলিছে ৷ কণমাণি ৰাহুলৰ ভৱিষ্যত দিনত মেকানিকেল অভিযন্তা হোৱাৰ মন ৷ দৰিদ্ৰ পৰিয়ালৰ ৰাহুলে মনে বিচৰা ধৰণে যদি সা-সুবিধা লাভ কৰে তেন্তে ৰাহুলৰ হাতৰ পৰশত ন-ন শিল্পকলাই প্ৰাণ পাই উঠাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.