বিশ্বনাথ, 15 জুন : ক'ভিড সৃষ্ট পৰিস্থিতিৰ যুঁজ দিয়াৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বৰ্তমান সমাজৰ প্ৰতিগৰাকী সচেতন লোকেই সাধ্য অনুসাৰে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে । বিহালী(Bihali)তো ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ বিহালী মণ্ডলৰ সদস্যসকলে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
মঙলবাৰে যুৱ মৰ্চাৰ উদ্যোগত বিহালীৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰ(Covid Care Centre)ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয় । লগতে ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় যুৱ মৰ্চাৰ সদস্যসকলে ।
এই দলটোত আছিল বিজেপি(BJP)ৰ যুৱ মৰ্চাৰ বিশ্বনাথ(Biswanath) জিলা সমিতিৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দত্ত, বিহালী মণ্ডলৰ সভাপতি পংকজ বৰা, সাধাৰণ সম্পাদক প্ৰবীণ নেপাল সদস্য ৰতন মহন্তকে ধৰি কেইবাজনো সদস্য ।
লগতে পঢ়ক: এহাজাৰ কৰবী ফুলে নিৰ্মূল কৰিব কৰ’ণা ভাইৰাছ !