ETV Bharat / state

বিশ্বনাথ জিলা মহিলা মৰ্চাৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন - বিশ্বনাথ জিলা মহিলা মৰ্চা

সমাপ্ত হ'ল বিজেপিৰ বিশ্বনাথ জিলা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা । পিছে মহিলা মৰ্চাই কি কি সিদ্ধান্ত ল'লে কাৰ্য্যনিৰ্বাহকত ?

Mahila Morcha
বিশ্বনাথ জিলা মহিলা মৰ্চাৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন
author img

By

Published : Aug 20, 2021, 10:36 AM IST

বিশ্বনাথ,২০ আগষ্ট : শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত শাসকীয় দল বিজেপিয়ে (Bjp) তৃণমূল পৰ্যায়ক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে নতুন ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (State president of BJP Bhabesh Kalita) নেতৃত্বত গঠন হৈছে নতুন সমিতি । সভাপতিগৰাকীৰ নিৰ্দেশ মৰ্মে বুথ পৰ্যায়ৰ কৰ্মীসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰা হৈছে ।

Mahila Morcha
বিশ্বনাথ জিলা মহিলা মৰ্চাৰ দ্বিতীয় কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

সমান্তৰালকৈ বিশ্বনাথ জিলা মহিলা মৰ্চায়ো (Biswanath District Mahila Morcha) দ্বিতীয় কাৰ্যনিৰ্বাহক সভা আয়োজন কৰে । বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিস্থিত আশীৰ্বাদ ভৱনত অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভাখন (executive meeting) । বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী লিনা শইকীয়াই সভাপতিত্ব কৰা এই কাৰ্যনিৰ্বাহকত কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ শীৰ্ষ বিজেপি নেতা উপস্থিত থাকে ।

সভানেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, এই সভাত বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । বিশেষকৈ আগন্তুক দিনত কেনেদৰে দলটোক ৰাইজৰ মাজলৈ লৈ গৈ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি সেই বিষয়ে আলোচনা হয় ।

সমান্তৰালকৈ চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবেও বিভিন্ন পদক্ষেপ হাতত লোৱা হয় । উল্লেখ্য যে, সভাখনত বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰকাকতি, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা সমিতিৰ উপ-সভানেত্ৰী মন্দিৰা শইকীয়া, জিলা সম্পাদিকা অৰ্চনা বৰা,মহিলা মৰ্চা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক স্নিগ্ধা গোস্বামী হাজৰিকা, দীপা চেত্ৰী উপস্থিত থাকে ।

লগতে জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰিঙিয়া, জিলা পৰিষদৰ উপ সভানেত্ৰী গায়েত্ৰী কুৰ্মী,বিশ্বনাথ টাউন মণ্ডলৰ সভাপতি কোষেশ্বৰ বৰা, জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াৰ উপৰিও জিলাৰ অন্তৰ্গত মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্যা, জিলাখনৰ অন্তৰ্গত বিভিন্ন মণ্ডল কমিটিৰ সভানেত্ৰী, সাধাৰণ সম্পাদিকাসকল উপস্থিত থাকে এই সভাত ।

লগতে পঢ়ক :অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰূপত মানি নলয় অজগৰ পাহাৰবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.