ETV Bharat / state

বিশ্বনাথৰ জিনজিয়া গৰকাপ্তানী পথৰ দুৰৱস্থা

author img

By

Published : Jun 25, 2020, 5:01 AM IST

বিশ্বনাথৰ জিনজিয়া এটা গড়কাপ্তানীৰ পথ । যুগ যুগ ধৰি এই পথে জ্বলাকলা খুৱাইছে জিনজিয়াবাসী ৰাইজক । এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথটো ৷

বিশ্বনাথৰ জিনজিয়া গৰকাপ্তানী পথৰ দুৰৱস্থা
বিশ্বনাথৰ জিনজিয়া গৰকাপ্তানী পথৰ দুৰৱস্থা

বিশ্বনাথ, 25 জুনঃ বিশ্বনাথৰ জিনজিয়াৰ এটা গড়কাপ্তানীৰ পথ, কিন্তু পুখুৰী নে পথ ধৰিবই নোৱাৰি । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ পৰা উত্তৰে কুহিয়াবাৰী ,জিনজিয়া ,বৰঝাৰণি, পাভৈ, মিজিকা, তিনিসুটিলৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো ৷

পথটোত আছে প্ৰকাণ্ড কেতবোৰ গাঁত ৷ এজাক বৰষুণৰ দিলেই পথটোৰ গাঁত সমূহ পানীৰে ভৰি পৰে আৰু পুখুৰী সদৃশ হৈ পৰে ৷ উল্লেখযোগ্য যে এই পথটো যুগ যুগ ধৰি এনেদৰেই থকাৰ ফলত জনসাধাৰণে এই পথেৰে অহা যোৱা কৰিবলৈ ভয় কৰা হৈছে । কিয়নো প্ৰতিটো খোজতেই আছে দুৰ্ঘটনাৰ পূৰ্ণ সম্ভাৱনা ৷

এই পথটোৰ দুৰৱস্থাৰ বাবে জগৰীয়া বৰগাং নদীত থকা কেইবাটাও শিল-বালি মহলত চলাচল কৰা ডাম্পাৰ, ট্ৰাক আৰু টেক্টৰ সসূহ ৷ দৈনিক শিল বালি ভৰ্তি ডাম্পাৰ, ট্ৰাক, চলাচল কৰা ফলত পথটো এনে দুৰবস্থা হোৱা বুলি শিল-বালি মহলৰ মহলদাৰক স্থানীয় ৰাইজ তথা পথচাৰীয়ে জনাইছিল আৰু বহুবাৰ মেৰামতি কৰিবলৈ আহ্বান জনাই আহিছিল ৷ কিন্তু মেৰামতি কৰিবলৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে মহলদাৰৰ বিৰুদ্ধে ।

পথটোৰ এই শোচনীয় ৰূপটোৰ কথা বিশ্বনাথ চাৰিআলিৰ গড়কাপ্তানি বিভাগক জনোৱাৰ পাচতো বিভাগটোৱে গুৰুত্ব নিদিয়া কাৰ্যক সহজভাৱে লব পৰা নাই ৰাইজে ।

লগতে পঢ়কঃ গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.