বিশ্বনাথ ,১৫ ছেপ্টেম্বৰঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিড-১৯ আক্ৰান্ত সংখ্যা । তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা সমূহতো এতিয়া ক’ভিড-১৯ আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷
![biswanatha monabari tea state congress sanitaizer and mask distibutions](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-15-seb-cong-pemlal-photo-scrpt-as10018_15092020173700_1509f_1600171620_812.jpg)
ইফালে ভয়াৱহ ক’ভিড-১৯ পৰা চাহ শ্ৰমিক সকলক সুৰক্ষিত ৰাখিবলৈ সজাগতা সৃষ্টিৰ আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জুয়ে । মঙলবাৰে প্ৰদেশ কংগ্ৰেছ সম্পাদক প্ৰেমলাল গঞ্জু মোনাবাৰী চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ খনৰ প্ৰায় ১৫০০ শ্ৰমিকৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা লগতে চাহ শ্ৰমিক সকলৰ মাজত সজাগতা সৃষ্টি কৰে ।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত