ETV Bharat / state

ক’ভিডৰ বিৰুদ্ধে অনন্য পদক্ষেপ বিশ্বনাথৰ এদল যুৱকৰ

author img

By

Published : May 24, 2021, 1:50 PM IST

Updated : May 24, 2021, 5:10 PM IST

বিশ্বনাথৰ ভেৰগাঁৱৰ নৱজ্যোতি সংঘৰ যুৱকবৃন্দৰ অনন্য পদক্ষেপ ৷ হাতে হাতে ছেনিটাইজাৰ স্প্ৰে’ লৈ গাঁওখনৰ প্ৰতিগৰাকী মানুহৰ ঘৰে ঘৰে গৈ চেনিটাইজ কৰাৰ লগতে পথত ৰৈ থকা যান-বাহনো চেনিটাইজ কৰিছে যুৱকৰ দলটোৱে ৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

biswanath-youths-senitisation-in-road
ক’ভিডৰ বিৰুদ্ধে অনন্য পদক্ষেপ বিশ্বনাথৰ যুৱকৰ

বিশ্বনাথ,24 মে’ : বিশ্বনাথ চাৰিআলিৰ ভেৰগাঁৱৰ নৱজ্যোতি সংঘৰ যুৱকবৃন্দ ওলাই আহিছে কৰ’ণাৰ সজাগতাৰ বাবে ৷ এই যুৱকৰ দলটোৱে ক’ভিড মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এক অনন্য পদক্ষেপ ৷ গাঁওখনৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ চেনিটাইজ কৰাৰ লগতে পথত ৰৈ থকা যান-বাহনসমূহো চেনিটাইজ কৰিছে যুৱকৰ দলটোৱে ৷

ক’ভিডৰ বিৰুদ্ধে অনন্য পদক্ষেপ বিশ্বনাথৰ এদল যুৱকৰ

দৰাচলতে গাঁওখন কৰ’ণামুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যপন্থা হাতত লৈছে সংঘৰ সদস্যসকলে ৷ ইফালে ভেৰগাঁৱৰ যুৱকসকলৰ সমানে সমানে এই কাৰ্যত নামি পৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্বনাথ নগৰ সমিতি সদস্যসকলো । হাতত ছেনিটাইজাৰ স্প্ৰে’ লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চৌহদ চেনিটাইজ কৰিছে সংগঠনটোৰ সদস্যসকলে ৷

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিভীষিকাৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বিৰুদ্ধে এতিয়া চৰকাৰৰ লগতে সজাগ হৈ পৰিছে সাধাৰণ জনতাও ৷ বিশ্বনাথৰ যুৱকৰ দলটোৱে ক’ভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে দলটো বিশ্বনাথবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷

লগতে পঢ়ক : মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

Last Updated : May 24, 2021, 5:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.