ETV Bharat / state

ওদালগুৰিত চৰ্চা লাভ কৰা এটা বিশেষ ভোট কেন্দ্ৰ

ওদালগুৰি জিলাৰ বিশেষ চৰ্চা লাভ কৰিছে এটা ভোট কেন্দ্ৰই । শিক্ষক স্থানীয় গাওঁৰক্ষীবাহিনী সহযোগত গঢ় লৈছে এই আৰ্দশ ভোট কেন্দ্ৰটো ।

BISWANATH SELF MODEL EXCEPTIONAL VOTING CENTER
ওদালগুৰি জিলাৰ স্থানীয় গাওঁৰক্ষীবাহিনী আৰু শিক্ষকৰ সহযোগত এটা আকৰ্ষণীয় ভোটকেন্দ্ৰ ।
author img

By

Published : Apr 2, 2021, 9:28 AM IST

বিশ্বনাথ, 2 এপ্ৰিল: বিশেষ চৰ্চা লাভ কৰিছে ওদালগুৰি জিলাৰ এটা ভোট কেন্দ্ৰই । বৃহস্পতিবাৰে অনুষ্ঠিত অসমৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰি জিলাৰ এটা ভোট কেন্দ্ৰ চচাৰ্ৰ বিষয় হৈ পৰিছে সামাজিক মাধ্যমত ৷ ওদালগুৰি জিলাল 70 নং মাজবাট সমষ্টিৰ উল্লেখনীয় ভোট কেন্দ্ৰ হিচাপে সমাদৰ লাভ কৰিছে পূৱ পানী খাইটি প্ৰাৰ্থমিক বিদ্যালয় ভোট কেন্দ্ৰই ৷

জিলা প্ৰশাসনে ইয়াক আদৰ্শ ভোট কেন্দ্ৰ হিচাপে ঘোষণা নকৰিলেও বিশেষকৈ আকৰ্ষণীয় কৰি সজাই তুলিছে প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে স্থানীয় গাওঁৰক্ষীবাহিনী ও ৰাইজে ৷ ১৬০ নং ভোট গ্ৰহণ কেন্দ্ৰটোত পৃথকে পৃথকে পুৰুষ-মহিলা, বয়োজ্যেষ্ঠ, দিব্যাংগ সকলৰ বাবে সকলো ধৰণৰ সা-সুবিধা উপলব্ধ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

এই ভোট গ্ৰহণ কেন্দ্ৰটোত সৰ্বমুঠ ৬১৮ গৰাকী ভোটাৰ আছে । উল্লেখযোগ্য যে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশত গঢ়ি তোলা হৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটো ৷

লগতে পঢ়ক : ছেল্ফী বিশেষ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কিছু উৎসাহী ভোটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.