ETV Bharat / state

এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল কুখ্যাত ডকাইত জাহিৰ আলি - biswanath police shot criminal

বিশ্বনাথ জিলা আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল কুখ্যাত ডকাইত জাহিৰ আলি ওৰফে ভূত্তু (Police shot criminal in Biswanath) ৷ একে নিশাতে এজনক এনকাউন্টাৰ আৰু তিনি গৰাকী মহিলা সহ মুঠ ৯ জন জাল নোটৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ বিশ্বনাথ জিলা আৰক্ষীৰ ৷

biswanth-police-shot-criminal-jahir-ali
এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল কুখ্যাত ডকাইত জাহিৰ আলি
author img

By

Published : Dec 11, 2021, 10:18 PM IST

বিশ্বনাথ, ১১ ডিচেম্বৰ : বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ ওচৰত বিশ্বনাথ জিলা আৰক্ষীৰ গুলীত গুৰুতৰ ভাৱে আহত দুধৰ্ষ ডকাইত তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলি ওৰফে ভূত্তু (Biswanath police shot criminal) ৷ শনিবাৰে দোকমোকালি প্ৰায় ৩:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা বিশ্বনাথৰ আৰক্ষীয়ে জালনোট আৰু নকল সোণৰ বিৰুদ্ধে বিশ্বনাথৰ কেইবা ঠাইটো অভিযান চলায় ৷ এই অভিযানত পৃথক পৃথক স্থানৰ পৰা জাল নোট বনোৱা দুটা মেছিন, জালনোট, দুই কেজি নকল সোণৰ মূৰ্ত্তি উদ্ধাৰ কৰে আৰক্ষীয়ে (Police seized fake gold) ৷

ইয়াৰ লগতে, তিনি গৰাকী মহিলাসহ মুঠ ৯ জন লোক এই কাৰ্যৰ লগত জড়িত থকাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ মন কৰিব লগীয়া কথা যে, ইয়াৰে অন্যতম আছিল জাহিৰ আলি ওৰফে ভুত্তু ৷ আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত ভুত্তুৱে পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ দলটোৱে গুলী চালনা কৰে আৰু ভুত্তুৰ দুয়ো ভৰিত গুলী লাগে ৷

এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হ'ল কুখ্যাত ডকাইত জাহিৰ আলি

ইয়াৰ পিছত সংকটজনক অৱস্থাত ভুত্তুক তেজপুৰ মেডিকেল কলেজ(Tezpur medical college)লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি তেওঁ তেজপুৰ মেডিকেল কলেজতে চিকিৎসাধীন হৈ আছে ৷ এই সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষীয়ে এক সংবাদ মেল যোগে জনিব দিয়ে ৷ জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেই শীঘ্ৰে নকল সোণৰ লগত জড়িত সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰকাশ কৰে(Biswanath SP Lina Doley) ৷ জাহিৰ আলিৰ ভৰিত দুটা গুলি লগাৰ বিষয়টোৰ লগতে বহু কেইটা মোবাইল ফোন জব্দ কৰা কথাও প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক : Illegal cattle trading: ব্ৰহ্মপুত্ৰৰ বুকুত গৰু মাফিয়ালৈ আৰক্ষীৰ গুলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.