ETV Bharat / state

বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি

নিৰ্মীয়মান ৰেলৱে অভাৰ ব্ৰীজৰ কাম কৰি থকা অৱস্থাত সংঘটিত হ'ল এই দুৰ্ঘটনা ৷ নিহত যুৱকজনৰ নাম জয়ন্ত বৰা ৷

author img

By

Published : Nov 22, 2019, 9:34 PM IST

বিশ্বনাথৰ বেদেতীত বিদ্যুতস্পৃষ্ট হৈ যুৱকৰ প্ৰাণহানি

বিশ্বনাথ, 22 নৱেম্বৰ: শুকুৰবাৰে বিয়লি বিশ্বনাথ চাৰিআলিৰ বেদেতীত সংঘটিত হ'ল অঘটন ৷ বেদেতীত নিৰ্মাণ হৈ থকা ৰেলৱে অভাৰব্ৰীজৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ মৃত যুৱকজন বিশ্বনাথৰ জৰাবাৰী গাঁৱৰ জয়ন্ত বৰা বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি অভাৰ ব্ৰীজখনৰ জোখ মাখ কৰি থকা অৱস্থাতে অসাৱধানবশত যুৱকজনৰ হাতত থকা এডাল লোহাৰ স্কেল ওচৰতে থকা ১১ কেভি লাইনৰ তাঁৰত লাগি যায় ফলৰস্বৰপে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া যুৱকজনে ৷ তথ্য অনুসৰি বিকাশ দত্ত নামৰ এজন ঠিকাদাৰৰ হৈ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰিছিল জয়ন্তই ৷ স্থানীয় লোকৰ অভিযোগ ৰেল বিভাগৰ গাফিলতিৰ বাবেই সংঘটিত হ'বলৈ পালে এই দুৰ্ঘটনা ৷

আৰু পঢ়ক: গেলাবিলত দুৰ্ঘটনা ৰোধ কৰিবলৈ নাম কীৰ্ত্তন

Intro:BreakingBody:BreakingConclusion:Breaking

বিশ্বনাথৰ বেদেতীত ভয়ংকৰ ঘটনা ৷ বিদ্যুত পৃষ্ঠ হৈ মৃত্যু ঘটিল এজন যুৱকৰ ৷ মৃত যুৱকজন বিশ্বনাথৰ জৰাবাৰী গাৱৰ জয়ন্ত বৰা(৩১) ৷ বেদেতীত নিৰ্মীয়মান ৰেলৱে অভাৰ ব্ৰীজত কাম কৰি থকাৰ সময়তেই মৃত্যু হয় যুৱকজনৰ ৷ অভাৰ ব্ৰীজখনত জোখমাখ কৰি থাকোতে যুৱকজনৰ হাতত থকা লোহাৰ স্কেল হঠাৎ লাগি যায় ওচৰতে থকা ১১ কেভি লাইনৰ তাঁৰত ৷ কামৰ ঠিকা লাভ কৰা বিকাশ দত্ত নামৰ এজন ঠিকাদাৰৰ হৈ অস্থায়ী কৰ্মচাৰী হিচাবে কাম কৰিছিল জয়ন্তই ৷ ৰেল বিভাগৰ গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ উঠিছে অভিযোগ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.