বিশ্বনাথ,11আগষ্ট : কংগ্ৰেছ কৰ্মী আৰু চি পি আই এম এলৰ সদস্যইযোগদান কৰিলে বিজেপিত ৷ শনিবাৰে পূববিহালী বিজেপিৰ মণ্ডল সমিতিৰ উদ্যোগত বিহালী বৰগাং খণ্ড উন্নয়ন প্ৰেক্ষাগৃহত এখন সভা আয়োজন কৰা হয় ৷ এই সভাত শতাধিক কংগ্ৰেছ আৰু চি পি আই এম এল কৰ্মীয়ে যোগদান কৰে বিজেপিত ৷ এই সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দত্ত ৷ দত্তই সভাত উপস্থিত হৈ কংগ্ৰেছক কঠোৰ সমালোচনা কৰি কয়, কংগ্ৰেছ দল এতিয়া নাও ধৰা নাৱৰীয়া নোহোৱা দল । বিজেপি অবিহনে বিকল্প নাই ভাৰতবাসীৰ ৷ এতিয়া কংগ্ৰেছৰ সকলো নেতা-কৰ্মী বিজেপিলৈ ধাপলি মেলিছে ৷
আনহাতে মন্ত্ৰী গৰাকীয়ে কয়-বিজেপি দল দেশমাতৃৰ দল ৷ নতুনকৈ বিজেপিত যোগদান কৰা সদস্যসকলক মাতৃ ভুমিক সেৱা কৰাৰ উদ্দেশ্যৰে বিজেপি দলৰ হৈ কাম কৰিবলৈ আহ্বান জনাই দত্তই ৷ সভাত উপস্থিত থাকে পূব মণ্ডল সমিতি সভাপতি উৎপল বৰা, বিশ্বনাথ জিলা সভাপতি পৰেশ বৰকাকটী, সম্পাদক প্ৰেম চেত্ৰী ৷