ETV Bharat / state

সাম্প্ৰদায়িকতাৰ বিপৰীতে বিশ্বনাথত একত্ৰিত হ'ল 10 টাকৈ ছাত্ৰ-সংগঠন

author img

By

Published : Apr 28, 2019, 5:06 PM IST

Updated : Apr 28, 2019, 5:20 PM IST

চৌকত আলিৰ ন্যায়ৰ দাবীত আমছু, আছু,যুৱ ছাত্ৰ পৰিষদ, আটছাকে ধৰি কেইবাটাও সংগঠনে বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

বিশ্বনাথত একত্ৰিত হ'ল ১০ টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ-সংগঠন

বিশ্বনাথ, 28 এপ্ৰিলঃ বিশ্বনাথৰ সাপ্তাহিক বজাৰত একাংশ দুষ্টলোকৰ বলি হোৱা চৌকত আলিৰ বাসগৃহত উপস্থিত বিভিন্ন সংগঠনৰ সদস্য সকল । যি সময়ত একাংশ লোকে এই ঘটনাৰ আলম লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি- পৰি লাগিছে ঠিক তেনে সময়তে সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰাৰ স্বাৰ্থত বিশ্বনাথত একত্ৰিত হল 10 টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ সংগঠন । এইদৰে এক গোট হৈ চৌকত আলিৰ বাসগৃত উপস্থিত হোৱা ঘটনাই অঞ্চলটোলৈ এক সু-খবৰ কঢ়িয়াই আনিছে । ইফালে বৰ্তমান চিকিৎসালয় পৰা আহি চৌকত আলিয়ে ঘৰতে কিছু জিৰণি লৈছে যদিও আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ পৰিছে পৰিয়ালটো ।

বিশ্বনাথত একত্ৰিত হ'ল ১০ টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ-সংগঠন

আৰু পঢ়কঃমুখ খুলিলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত তাছাই

চৌকত আলিৰ এই বৰ্বৰ ঘটনাক লৈ ৰাজনীতি কৰা সকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে বিশ্বনাথৰ ছাত্ৰ সংগঠন সমূহে । এই ঘটনাত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত আমছু, আছু,যুৱ ছাত্ৰ পৰিষদ, আটছা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাঁতি দলে বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আনহাতে উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টি কৰি হিন্দু-মুছলমান তথা ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত কোনো বিভেদ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেনে অপশক্তিক কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠন সমূহে দাবী জনাইছে ।

Slug_A_BISWANATH_UPDATE  WEEKLY_ MARKET_ INCID_28A_801_809_BYTE_PCT_VISUAL_SCRPT_SRIMANTA

এচাম ৰাজনৈতিক  নেতাৰ সাম্প্ৰদায়িক কূট-কৌশলৰ বিপৰীতে  বিশ্বনাথ  একত্ৰিত  হ'ল/ ১০ টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ  সংগঠন উপস্থিত উপস্থিত চৌকত আলি বাসগৃত / 
চৰকাৰ পৰা আজিও নাপালে 
বিশ্বনাথ কাণ্ডৰ ভুক্তভোগী চৌকত  আলিৰ  সা সুবিধা - 
ই টিভি ভাৰত এক আছুতীয়া সাক্ষাৎকাৰ 

হয় চৰকাৰৰ কোনো প্ৰতিনিধি বা প্ৰশাসনৰ সময় নাই 
যোৱা ৭ এপ্ৰিলত বিশ্বনাথৰ সাপ্তাহিক বজাৰত একাংশ দুষ্টলোক বলি হোৱা মুছলিম সম্প্ৰদায়ৰ ব্যৱসায় চৌকত আলি ।
কোনো মতে সাপ্তাহিক বজাৰত গৰু মাংস লগতে অন্য খাদ্য জৰিয়তে পৰিয়াল টো পোহ পালন দি অহা চৌকত আলি ওপৰত জপিয়াই পৰিছিল এটা দুষ্ট চক্ৰ ।
সেই দুষ্ট চক্ৰ টোৱে চৌকত আলিক গাহৰি মাংস খোৱা এক অমানুষিক অত্যাচাৰ কৰা লগতে মাৰ ধৰ কৰিছিল । বৰ্তমান চৌকত আলি চিকিৎসালয় পৰা আহি ঘৰতে কিছু জিৰণি লৈছে যদিও বৰ্তমান ব্যৱসায় সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰা পৰিয়াল টো চলিবলৈ অসুবিধা সন্মুখীন হৈ পৰিছে ।
ইফালে চৌকত আলি 
স্বাস্থ্যৰ বুজ লবলৈ   বিশ্বনাথৰ  দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ  চৰকাৰ ওচৰত চৌকত আলি ক্ষয় ক্ষতি দাবী জনায় মুখ্যমন্ত্ৰী লৈ ইতিমধ্যে দল সংগঠনে স্মাৰক প্ৰেৰণ কৰা পিচতো গা লৰা নাই চৰকাৰৰ ।
 যি সময়ত একাংশ  ৰাজনৈতিক  নেতাই নিজৰ ৰাজনৈতিক মুনাফা  আদায়  কৰিবলৈ  যি  যোৱা ৭ এপ্ৰিল তাৰিখে  বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৌকত আলিৰ লগত সংঘটিত কৰা অমানৱীয় ,বৰ্বৰ ঘটনাক  ৰাজনৈতিক  অস্ত্ৰ হিচাপে ব্যৱহাৰ  কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি- পৰি লাগিছে  ঠিক  তেনে  সময়তে সাম্প্ৰদায়িক শক্তিক মষিমূৰ  কৰাৰ স্বাৰ্থত বিশ্বনাথত একত্ৰিত  হল ১০ টাকৈ জাতীয়-  জনগোষ্ঠীয় ছাত্ৰ সংগঠন এক গোট হৈ চৌকত আলি বাসগৃত উপস্থিত হোৱা ঘটনাই ৰাইজলৈ এক সু খবৰ কঢ়িয়াই আনিছে ।

 চৌকত  আলিৰ এই বৰ্বৰ  ঘটনাক লৈ ৰাজনীতি  কৰা সকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে বিশ্বনাথৰ ছাত্ৰ সংগঠন সমূহে । এই ঘটনাক বিভিন্ন  দল- সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাই
 বিশ্বনাথৰ ১০ টাকৈ ছাত্ৰ  সংগঠনৰ প্ৰতিনিধিয়ে সাক্ষাত কৰে ভুক্তভোগী চৌকত আলিক ।  চৌকত  আলিৰ দক্ষিণ চতিয়াৰ নিজা বাসগৃহত উপস্থিত হৈ  এই বৰ্বৰ ঘটনাই বিশ্বনাথ বাসীক  লজ্জাজনত  কৰাৰ লগতে সাতাম পুৰুষীয়া ঐক্যত আঘাত  হানিছে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে  ।লগতে তেওঁ  কয় যে, চৌকত  আলিৰ উচিত ন্যায়ৰ লগতে  নিৰপেক্ষ  তদন্তৰ জৰিয়তে  দোষীক কঠোৰ  শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত  আমছু, আছু,যুৱ ছাত্ৰ পৰিষদ, আটছা,  সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাতি দলে বিশ্বনাথ জিলা  উপায়ুক্ত আৰু অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত  স্মাৰক পত্ৰ ইতিমধ্যেই যোৱা কাইলৈ   প্ৰদান কৰা হৈছে । এই  সংগঠন কেইটাই বিশ্বনাথত সংঘটিত অমানৱীয় কাণ্ডৰ লগত জড়িত প্ৰত্যেক জন অভিযুক্তক অতিশীঘ্ৰে কৰায়ত্ব কৰি জেল হাজোতত ৰাখি ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান  কৰিবলৈ দাবী জনাইছে বুলিও  মন্তব্য কৰে ।
       উক্ত  ঘটনাটোৰ  আঁৰত জড়িত মূল ষড়যন্ত্ৰকাৰী সকলক আৰক্ষীয়ে চিনাক্ত কৰি আইনমতে শাস্তি দিয়াৰ বাবে গুৱাহাটী   উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এজন ন্যায়ধীশৰ দ্বাৰা   নিৰপেক্ষ ন্যায়িক তদন্ত ঘোষণা  কৰিবলৈ দাবী জনোৱা হৈছে বুলি কয় সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱাই । লগতে তেওঁ কয় যে ভুক্তভোগী ব্যৱসায়ী চৌকত আলীক অমানৱীয় ভাৱে অত্যাচাৰ কৰাৰ ফলত তেখেতৰ ব্যৱসায় বন্ধ হৈ পৰাৰ বাবে পৰিয়ালক পোহপাল আৰু তেখেতৰ উন্নত চিকিৎসাৰ বাবে এককালীন  আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী  জনাইছে বুলিও  চৌকত আলিৰ পৰিয়াল বৰ্গক অৱগত  কৰে  । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা এনে অমানৱীয় আৰু বৰ্বৰতাৰ চৰম নিদৰ্শনেৰে আঘাত কৰা কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনোৱা  হৈছে   ।
আনহাতে উক্ত ঘটনাৰ  আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক  বিবাদ সৃষ্টি কৰি হিন্দু- মুছলমান তথা ভিন্ন  ধৰ্মাৱলম্বী লোকৰ মাজত  বিদ্বেষ জাগ্ৰত কৰি কোনেও যাতে নিজ মুনাফা  আদায়  কৰিব নোৱাৰে  তাৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে  তেনে অপশক্তিক কঠোৰ হাতেৰে  দমন কৰিবলৈ সংগঠন সমূহে     দাবী জনাইছে ।  জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন ।
ইফালে সংগঠন কেইটা দাবী  ৰাইজক আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কোনোধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি  নকৰিবলৈ আহ্বান জনায় আমছুৰ কেন্দ্ৰীয় উপ- সভাপতি ছাইফুদ্দিন  আহমেদে। 
ইফালে  এই শান্তি- সম্প্ৰীতি জৰিয়তে সমাজ সবল কৰা কথা কয়   আমছুৰ   সহকাৰী সম্পাদক  কুদ্দুছ আলি সৰকাৰ,  প্ৰচাৰ সম্পাদক  আলি আহমেদ  ,ইফালে প্ৰকাশ কৰে  গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি  দিলীপ গজুৰেল, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ তাঁতী, বিশ্বনাথ জিলা  টাইপাৰ সভাপতি  ৰাজীৱ  গগৈ, সম্পাদক  হেমন্ত গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নিহাৰ শইকীয়া, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি  বিক্ৰম বিকাশ বৰা, আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মাহমুদুল হাছান, সাধাৰণ সম্পাদক ফকীৰ আলি,বিশ্বনাথ জিলা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক  অমৰজ্যোতি বৰা, ,  কাৰ্বি ছাত্ৰ সন্থাৰ মঙল তেৰাং, আছুৰ কৌস্তভ দাধৰা, ৰূপম বৰা, মিস্ত্ৰী সন্থাৰ সাহজাহানকে  ধৰি বহু  কেইগৰাকী নেতৃত্ববৃন্দ উপস্থিত থাকে । ইফালে  ভুক্তভোগী  চৌকত  আলিৰ  পৰিয়ালে বিশ্বনাথৰ সকলো  দল- সংগঠনৰ  প্ৰতিনিধিক কাষত পাই আনন্দিত হৈছে । 

আনহাতে সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদনক দিব্যজ্যোতিবৰুৱাই কয় এই ঘটনাই শেষ আৰু অন্তিম গতিকে ৰাইজক শান্তি আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত পূৰ্বৰ দৰে থাকিব লৈ আহ্বান জনাই ।
লগতে চৌকত আলিক চৰকাৰে  সকলো সুবিধা শীঘ্ৰে দিয়া দাবী জনাই ।

বাইট- চৌকত আলি
বাইট-  স্থানীয় দল সংগঠন
বি: দ্ৰ: ভিডিঅ FTP জৰিয়তে প্ৰেৰণ কৰা হৈছে ।
 
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
Last Updated : Apr 28, 2019, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.