বিশ্বনাথ, 21 আগষ্টঃ শেহতীয়াকৈ বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটী গাঁৱত সংঘটিত হৈছে এক তিনি তালাকৰ ঘটনা ৷ মোবাইলত তিনিবাৰকৈ তালাক লিখি পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰে আজিজুৰ ৰহমান নামৰ যুৱকজনে ৷
দৰাচলতে, ডেৰ বছৰ পূৰ্বে গোৱালতলী গাঁৱৰ তাৰাবান বেগমৰ সৈতে নিকাহ কৰে আজিজুৰে ৷ পত্নীৰ ভাষ্য অনুসৰি, নিকাহৰ পাছতে পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলায় আজিজুৰে ৷ উপায়বিহীন পৰিয়ালটোৱে আৰক্ষীৰ সহায় লৈ তাৰাবানক ঘৰলৈ উভতাই আনে ৷ চাৰিমাহৰ অন্তঃসত্ত্বা পত্নী ঘৰলৈ উভতি অহা পাচতো পত্নীৰ খবৰ নল'লে আজিজুৰে ৷ কেৱল ইমানেই নহয় আজিকোপতি সদ্যজাত সন্তানৰ মুখ নাচালে আজিজুৰে ৷ অৱশেষত পত্নীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে আজিজুৰে পত্নীক মোবাইলত তিনিবাৰ তালাক লিখি মেছেজৰ জৰিয়তে সম্পৰ্ক ছেদ কৰাৰ চেষ্টা কৰে ৷
লগতে পঢ়কঃ সুৰেশ ৰাইনালৈ প্ৰধানমন্ত্ৰীৰ পত্ৰঃ কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ...
আজিজুৰৰ এই কাণ্ডৰ বাবে এতিয়া নৱজাতকক লৈ আৰক্ষীৰ কাষ চাপিছে তাৰাবান ৷ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আজিজুৰৰ ওপৰত পত্নীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৷ এতিয়া প্ৰশ্ন হয় কেৱল কাগজে-পত্ৰই সীমাৱদ্ধ নেকি মোডী চৰকাৰৰ এই আইন ?