ETV Bharat / state

মাছৰ পোনা উৎপাদনেৰে অভিলেখ গঢ়িছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে - fishery

মাছৰ পোনা উৎপাদনেৰে অভিলেখ গঢ়িছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে

vমাছৰ পোনা উৎপাদনেৰে অভিলেখ
author img

By

Published : Jul 31, 2019, 6:03 PM IST

বিশ্বনাথ, 31 জুলাইঃ বিশ্বনাথ পাভৈৰ এজন যুৱক ৷ যুৱকজনৰ নাম ভাৰ্গৱ ভাগৱতী ৷ ভাগৱতীৰ আছে এখন মীন পাম ৷ মীন পামখনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আয় কৰে লাখ লাখ টকা ৷ তাৰোপৰি ১৮ কোটি ভ্ৰণ পোনাৰ উৎপাদনৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰ্গৱ ভাগৱতীয়ে ৷ ভাগৱতীয়ে বহিঃ ৰাজ্যলৈ পঠায় লাখ লাখ মাছৰ পোনা ৷ কেৱল সেয়াই নহয় বহিঃ ৰাজ্যৰ লোকো আহে পামখনলৈ ৷ ভাৰ্গৱ ভাগৱতীৰ মীন পাম খনত বছৰে প্ৰায় ১০ টনৰো অধিক মাছৰ পোনা উৎপাদন কৰি এক অভিলেখ সৃষ্টি কৰিছে ভাৰ্গৱ ভাগৱতীয়ে।এই মাছৰ পোনা উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইখন ৰাজ্য লৈ বিক্ৰী হয় বুলি প্ৰকাশ কৰে মীনপালক ভাৰ্গৱে। যিটো সময়ত ৰাজ্যত নিবনুৱাৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে সেইটো সময়তে বিশ্বনাথৰ পাভৈৰ ভাৰ্গৱ ভাগৱতীয়ে দেখুৱালে এক আদৰ্শ ৷ প্ৰায় ৩৬ টা বৃহৎ পুখুৰী আৰু বিজ্ঞান সন্মত ভাৱে মাছৰ পোনা উৎপাদন কৰি দেখুৱালে এক উৎকৃষ্ট উদাহৰণ ৷ পাভৈ মীন পামখনলৈ ইতিমধ্যে অৰুণাচলৰ পৰা বহুলোকে ভাৰ্গৱ ভাগৱতীৰ ওচৰত প্ৰশিক্ষণ লৈছে ৷ তাৰোপৰি মীন পালনেৰে উপাৰ্জন কৰি আহিছে হাজাৰ হাজাৰ টকা ৷ নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো স্বাৱলম্বনৰ পথ দেখুৱাইছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে ৷

মাছৰ পোনা উৎপাদনেৰে অভিলেখ

Intro:as_biswanath_31_july_fish_802_ld_vis_scrpt_as10018Body:as_biswanath_31_july_fish_802_ld_vis_scrpt_as10018Conclusion:as_biswanath_31_july_fish_802_ld_vis_scrpt_as10018

মীন পালন ।
নিবনুৱাৰ আৰ্থিক স্বাৱলম্বনৰ পথ 
বিশ্বনাথৰ পাভৈ মীনপামত বছৰি ১৮ কোটি ভ্ৰন পোনাৰ উৎপাদনৰে অভিলেখ

উত্তৰ অসমৰ বিশ্বনাথ চাৰিআলি পাভৈ মীনপাময়ে আনিছে নিবনুৱা লৈ সু-খবৰ । নিজেই স্বাৱলম্বন হোৱা লগতে আন দহ জনকো স্বাৱলম্বন পথ দেখুৱাই ছে বিশ্বনাথৰ ভাৰ্গৱ ভাগৱতীয়ে ।
বিশ্বনাথৰ পাভৈত অৱস্থিত এই খন পাভৈ মীনপাম । এই পাম খনত বছৰে প্ৰায় ১০ টনৰ ও অধিক মাছৰ পোনা উৎপাদন কৰি এক অভিলেখ সৃষ্টি কৰিছে ।
এই মাছৰ পোনা উত্তৰ পূৰ্বাঞ্চলৰ বহু কেইখনৰ ৰাজ্য লৈ বিক্ৰী হয় বুলি প্ৰকাশ কৰে মীনপালক ভাৰ্গৱে ।
লগতে এই ফামত নগাঁও ৰহা অৱস্থিত মীন মহাবিদ্যালয় ছাত্র ছাত্রী সকলৰ লগতে সদৌ অৰুণাচল বহু লোকে পামত আহি প্ৰশিক্ষণ লয় বুলি প্ৰকাশ কৰে ।
প্ৰায় ৩৬ টা বৃহৎ পুখুৰী আৰু বিজ্ঞান সন্মমত ভাৱে মাছৰ পোনা উৎপাদন কৰি কি দৰে
স্বাৱলম্বন হ'ব পাৰে এই সকলো প্ৰকাশ কৰিলে
ই টিভি ভাৰত অসমৰ সন্মুখত
এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন

বিশ্বনাথ পৰা
শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.