ETV Bharat / state

বিশ্বনাথ জিলাৰ চৰকাৰী ৱেবছাইট মুকলি - চৰকাৰী ৱেবছাইট

অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ সহযোগত ই-প্ৰস্তুতিৰ অধীনত নিৰ্মিত www.biswanath.gov.in শীৰ্ষক ৱেবছাইটটো মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে।

বিশ্বনাথ জিলাৰ চৰকাৰী ৱেবছাইট মুকলি
author img

By

Published : Jun 19, 2019, 7:42 AM IST

বিশ্বনাথ,19 জুনঃবিশ্বনাথ জিলাৰ জনসাধাৰণক এক স্বচ্ছ আৰু নিকা প্ৰশাসন উপহাৰ দিয়াৰ প্ৰতি থকা জিলা প্ৰশাসনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি মঙলবাৰে মুকলি কৰা হ'ল জিলাখনৰ বহু আকাংক্ষিত চৰকাৰী ৱেবছাইটটো। অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ সহযোগত ই-প্ৰস্তুতিৰ অধীনত নিৰ্মিত www.biswanath.gov.in শীৰ্ষক এই ৱেবছাইটটো মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচীত অংশ লৈ জিলাখনৰ দায়িত্বত থকা শোণিতপুৰৰ জিলা তথ্য-প্ৰযুক্তি বিষয়া অনুপ কুমাৰ বৰুৱাই অসম চৰকাৰৰ ই-প্ৰস্তুতি প্ৰকল্পৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰাৰ লগতে নৱ-উন্মোচিত ৱেবছাইটটোৰ বিভিন্ন দিশ অৱগত কৰে।

বিশ্বনাথ জিলাৰ চৰকাৰী ৱেবছাইট মুকলি

এই পৰ্যন্ত অসমৰ ছয়-সাতখন জিলাতহে ই-প্ৰস্তুতিৰ অধীনত নিৰ্দিষ্ট মানসম্পন্ন জিলা ৱেবছাইট প্ৰস্তুত হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্বনাথ জিলা ৱেবছাইটটো ৰাজ্যৰ নৱগঠিত জিলাকেইখনৰ ভিতৰতে প্ৰথম,যিটো বিশ্বনাথবাসীৰ বাবে গৌৰৱৰ বিষয়। তথ্য-প্ৰযুক্তিৰ যুগত জিলা এখনৰ নিজা চৰকাৰী ৱেবছাইট এটাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৱেবছাইটটোৰ নিয়মীয়া অদ্যাৱধিকৰণৰ লগতে সম্পূৰ্ণ শুদ্ধ আৰু শেহতীয়া তথ্য উপলব্ধকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলাখনৰ সকলো চৰকাৰী বিভাগকে নিজ নিজ বিভাগীয় আঁচনি ৰূপায়ণ,কাম-কাজৰ অগ্ৰগতি,পুঁজি আবণ্টন আৰু ব্যয়ৰ সকলো তথ্য নিয়মীয়াকৈ ৱেবছাইটটোত আপলোড কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে এই ৱেবছাইটটোত জিলাখনৰ সকলোধৰণৰ উন্নয়নমূলক কাম-কাজৰ তথ্য উপলব্ধ হোৱাৰ লগতে জনসাধাৰণলৈ আগবঢ়োৱা বিভিন্ন চৰকাৰী সেৱাসমূহৰ সবিশেষ তথ্যও লাভ কৰিব পৰা যাব। জিলা প্ৰশাসনৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ লগতে জিলাখনৰ অন্যান্য গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৱেবছাইটসমূহৰ পোনপটীয়া লিংকো এই ৱেবছাইটত পোৱা যাব। তদুপৰি ৱেবছাইটটোৰ জৰিয়তে ৰাইজে নিজৰ প্ৰতিক্ৰিয়া-অভিযোগ-মতামত আদিও জিলা প্ৰশাসনক অনলাইনযোগে জনোৱাৰ সুবিধা লাভ কৰিব। উক্ত অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্তত্ৰয় দিগন্ত বৈশ্য, প্ৰদীপ সূত্ৰধৰ আৰু পাৰিজাত ভূঞাৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

as_biswanath_18_june_dc_office_801_photo_vis_scrpt_as10018

বিশ্বনাথ জিলাৰ চৰকাৰী ৱেবছাইট মুকলি 

 বিশ্বনাথ জিলাৰ জনসাধাৰণক এক স্বচ্ছ আৰু নিকা প্ৰশাসন উপহাৰ দিয়াৰ প্ৰতি থকা জিলা প্ৰশাসনৰ দায়বদ্ধতাক প্ৰতিফলিত কৰি আজি মুকলি কৰা হ'ল জিলাখনৰ বহু আকাংক্ষিত চৰকাৰী ৱেবছাইটটো। অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ সহযোগত ই-প্ৰস্তুতিৰ অধীনত নিৰ্মিত www.biswanath.gov.in শীৰ্ষক এই ৱেবছাইটটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচীত অংশ লৈ বিশ্বনাথ জিলাৰো দায়িত্বত থকা শোণিতপুৰৰ জিলা তথ্য-প্ৰযুক্তি বিষয়া অনুপ কুমাৰ বৰুৱাই অসম চৰকাৰৰ ই-প্ৰস্তুতি প্ৰকল্পৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰাৰ লগতে নৱ-উন্মোচিত ৱেবছাইটটোৰ বিভিন্ন দিশ অৱগত কৰে। এই পৰ্যন্ত অসমৰ ছয়-সাতখন জিলাতহে ই-প্ৰস্তুতিৰ অধীনত নিৰ্দিষ্ট মানসম্পন্ন জিলা ৱেবছাইট প্ৰস্তুত হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্বনাথ জিলা ৱেবছাইটটো ৰাজ্যৰ নৱগঠিত জিলাকেইখনৰ ভিতৰতে প্ৰথম, যিটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত জিলা এখনৰ নিজা চৰকাৰী ৱেবছাইট এটাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৱেবছাইটটোৰ নিয়মীয়া অদ্যাৱধিকৰণৰ লগতে সম্পূৰ্ণ শুদ্ধ আৰু শেহতীয়া তথ্য উপলব্ধকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলাখনৰ সকলো চৰকাৰী বিভাগকে নিজ নিজ বিভাগীয় আঁচনিৰ ৰূপায়ণ, কাম-কাজৰ অগ্ৰগতি, পুঁজি আবণ্টন আৰু ব্যয়ৰ সকলো তথ্য নিয়মীয়াকৈ ৱেবছাইটটোত আপলোড কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে এই ৱেবছাইটটোত জিলাখনৰ সকলোধৰণৰ উন্নয়নমূলক কাম-কাজৰ তথ্য উপলব্ধ হোৱাৰ লগতে জনসাধাৰণলৈ আগবঢ়োৱা বিভিন্ন চৰকাৰী সেৱাসমূহৰ সবিশেষ তথ্যও লাভ কৰিব পৰা যাব। জিলা প্ৰশাসনৰ ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ লগতে জিলাখনৰ অন্যান্য গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ৱেবছাইটসমূহৰ পোনপটীয়া লিংকো এই ৱেবছাইটত পোৱা যাব। তদুপৰি ৱেবছাইটটোৰ জৰিয়তে ৰাইজে নিজৰ প্ৰতিক্ৰিয়া-অভিযোগ-মতামত আদিও জিলা প্ৰশাসনক অনলাইনযোগে জনোৱাৰ সুবিধা লাভ কৰিব। আজিৰ অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্তত্ৰয় দিগন্ত বৈশ্য, প্ৰদীপ সূত্ৰধৰ আৰু পাৰিজাত ভূঞাৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.