বিশ্বনাথ ২৩ এপ্ৰিল : বিশ্বনাথ জিলাত বহি:ৰাজ্য আৰু অন্য জিলাৰ পৰা প্ৰৱেশ কৰা প্ৰতিজন লোকৰে ক’ভিড পৰীক্ষা সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে । উল্লেখযোগ্য যে, দেশত কৰ’ণা পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিশ্বনাথ জিলাতো নিতৌ দ্ৰুত গতিত বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণৰ সংখ্যা । ২২ এপ্ৰিললৈকে জিলা খনত ৬১ জন লোকৰ দেহত চিনাক্ত হৈছে ক’ভিড-১৯ ।
আনহাতে, এই সংক্ৰমণ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । ইতিমধ্যে, জিলাখনত শ্বপিং মল, দোকান তথা বজাৰ সমূহ সন্ধিয়া ৬ বজাৰ লগে লগেই বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে জনসমাগম হোৱা অনুষ্ঠান প্ৰতিষ্ঠান সমূহক বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ।
ইফালে, শুকুৰবাৰৰ পৰা জিলাখনত অন্য জিলা অথবা বহি: ৰাজ্যৰ পৰা প্ৰৱেশ কৰা লোকসকলে প্ৰৱেশ কৰাৰ পূৰ্বে জিলাখনৰ সীমা চতিয়াত অথবা গহপুৰ হাৱাজান আৰক্ষী চকীত জিলা স্বাস্থ্য বিভাগে আয়োজন কৰা ক’ভিড পৰীক্ষা শিবিৰত পৰীক্ষা কৰাটো বাধ্য়তামূলক কৰিছে জিলা স্বাস্থ্য বিভাগে ৷
আনহাতে, জিলাখনত দ্ৰুত গতিত কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাজহুৱা স্থান, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ।
লগতে পঢ়ক : অসমত ডাবল মিউটেণ্ট ক'ভিডৰ আতংক : কি কয় চিকিৎসকে ?