বিশ্বনাথ, 14 নৱেম্বৰ: বৃহস্পতিবাৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে বহু কেইখন গাড়ীৰ ডিলাৰত অভিযান চলায় ৷ জিলা পৰিবহণ বিষয়া মেহতাবুদ্দিন আলিৰ নেতৃত্বত যোৱা দলটোৱে 5 খন ডিলাৰৰ কোনো উপযুক্ত নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়ে। ডিলাৰত বিক্ৰী কৰিবলৈ অনা কেবাখনো গাড়ী জব্দ কৰে অভিযানকাৰী দলটোৱে ৷
প্ৰথমে বিশ্বনাথৰ হোণ্ডাই ডিলাৰত অভিযান চলাই কোনো নথিপত্ৰ নোপোৱাত ডিলাৰখনত তলা লগোৱাৰ লগতে বিক্ৰীৰ বাবে অনা কেইবাখনো বিলাসী গাড়ীও জব্দ কৰে। পৰৱৰ্তী সময়ত বিশ্বনাথত আৰ ডি মটৰ্ছ,আশুতোষ ডিলাৰ, গ্লৰিয়েচ মটৰ্ছত অভিযান চলাই বৈধ নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়াৰ লগতে ডিলাৰত থকা ৪ খন গাড়ী জব্দ কৰে ।
উল্লেখযোগ্য যে বিগত আগষ্ট মাহত ডিলাৰ সমূহৰ মালিক পক্ষৰ স'তে জিলা পৰিবহণ বিষয়াগৰাকীয়ে আলোচনা কৰি নথি পত্ৰ উলিয়াবলৈ ৪ মাহ সময় দিছিল যদিও কোনো এখন ডিলাৰৰ মালিকে বিষয়টো গুৰুত্ব নিদিয়াত এই পদক্ষেপ হাতত লয় জিলা পৰিবহণ বিষয়াগৰাকীয়ে ৷
লগতে চাওকঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা শিশু শিল্পী ভনীতা দাসৰ মনৰ কথাৰে...