বিশ্বনাথ,9 ডিচেম্বৰ : বিশ্বনাথৰ বিহালীত আঁৰিলে কেবৰ সমথৰ্নত প'ষ্টাৰ ৷ প'ষ্টাৰখনৰ জৰিয়তে হুংকাৰ প্ৰদান কেব গৃহীত হোৱাৰ পাছতে নৰ্থ ইষ্টৰ ৰাজ্যিক ভাষা হ'ব বাংলা ৷ সোমবাৰে বিশ্বনাথ বিহালীৰ বিহমাৰী এখন দোকানত কোনো লোকে ওলমাই কেবৰ সমৰ্থনত এই প'ষ্টাৰ খন ৷ প'ষ্টাৰখনক লৈ বৰ্তমান বিহালী অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ স্থানীয় লোকৰ অভিযোগ যে কোনো বঙালী লোকে আঁৰিছে কেব সমৰ্থিত প'ষ্টাৰখন ৷ কিয়নো প'ষ্টাৰখনত ব্যৱহাৰ কৰা হৈছে বঙালী ভাষা ৷ প'ষ্টাৰ খনত বঙালী ভাষাত লিখা আছে যে কেব গৃহীত হোৱাৰ পাছত বাংলা ভাষা হ'ব নৰ্থ ইষ্টৰ ৰাজ্যিক ভাষা ৷
লগতে চাওকঃ মহানগৰীৰৰ দেৱালে দেৱালে কেব বিৰোধাী শ্ল'গান