গুৱাহাটী : দ্বিতীয়বাৰৰ বাবে ছবিগৃহত চলিব চলিত বৰ্ষত মুক্তি লাভ কৰা অসমীয়া ছবি ‘স্বৰ্গৰথ’ ৷ শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত সফল প্ৰদৰ্শন হয় ‘স্বৰ্গৰথ’ ছবিখনৰ । ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ইণ্ডিয়ান পেন’ৰোমাৰ মূলসুঁতিৰ শাখাত প্ৰদৰ্শিত হয় ‘স্বৰ্গৰথ’ ।
পেন’ৰোমাৰ মূলসুঁতিৰ শাখাত প্ৰদৰ্শিত ‘স্বৰ্গৰথ’ প্ৰথমখন অসমীয়া ছবি । ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত সফল প্ৰদৰ্শনৰ পাছত ‘স্বৰ্গৰথ’ক আকৌ এবাৰ ছবিগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত প্ৰযোজকৰ ।
![assamese film swargarath to re release after screening at iffi goa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2024/swargarath_28112024191434_2811f_1732801474_1086.jpg)
উল্লেখ্য যে, চলিত বৰ্ষৰ ৭ জুন তাৰিখে ৰাজ্যৰ প্ৰায় ৬০ টা ছবিগৃহত মুক্তি লাভ কৰিছিল এই অসমীয়া ছবিখনে । এক দীঘলীয়া অপেক্ষাৰ অন্তত এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত, ৰাজেশ ভূঞাৰ পৰিচালনাৰে মুক্তি পোৱা এই ছবিখন স্বৰ্গযাত্ৰা আৰু পৃথিৱীত থকা সকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছা তথা টকাৰ লালসাত কৰা কিছু অনৈতিক কাৰ্যকলাপ আৰু তাৰ পিছত চলি যোৱা জীৱন সংগ্ৰামৰ হাস্যৰসিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।
![assamese film swargarath to re release after screening at iffi goa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2024/swargarath_28112024191434_2811f_1732801474_220.jpg)
ছবিখনৰ প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে । ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, কেনী বসুমতাৰী, কমল লোচন, ৰিণ্টু বৰা, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী, আকিড জামান আৰু পংকজ মহন্ত আদিকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।
‘স্বৰ্গৰথ’ ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা প্ৰতীম খাউণ্ডৰ ।
![assamese film swargarath to re release after screening at iffi goa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-11-2024/swargarath_28112024191434_2811f_1732801474_762.jpg)
ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই, যিটো গীতে মুক্তিৰ পাছতে সমাজিক মাধ্যমত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । ছবিখন দ্বিতীয়বাৰৰ বাবে মুক্তি পাবলৈ ওলাইছে, এই খবৰে এতিয়া উৎসাহিত কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমী সমূহ ৰাইজক ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্গৰথক হিন্দীত নিৰ্মাণৰ প্ৰস্তাৱ