গহপুৰ, 19 মাৰ্চ : ৰাজ্যত সঘনাই সংঘটিত হ'ব ধৰিছে ডাম্পাৰ চুৰিৰ ঘটনা । সৌ সিদিনা টকৌবাৰীৰ হেলেম চাৰ্ভিছ ইণ্ডিয়ান অইল ডিপুৰ পৰা এখন ডাম্পাৰ অন কেমেৰা চুৰিৰ ঘটনা মাৰ নৌযাওঁতেই শনিবাৰে পুৱা হেলেমৰ টকৌবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত চুৰি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ।
দুৰ্ঘটনাগ্ৰস্ত RJ 07 GD 4010 নম্বৰৰ ডাম্পাৰখন তেজপুৰ পৰা চুৰি কৰি (Dumper stolen in Tezpur) অনাৰ উমান পাই হেলেম আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰেন গগৈৰ নেতৃত্বত বুৰৈঘাটত শনিবাৰে পুৱতি নিশা অভিযান চলায় । এই অভিযান চলোৱা অৱস্থাত ডাম্পাৰখনে আৰক্ষীক প্ৰত্যক্ষ কৰি ভয়তে লগে লগে পলোৱাৰ চেষ্টা কৰিছিল ৷
পিছে আৰক্ষীয়ে খেদি যোৱাত টকৌবাৰীৰ ৰে’লৱে অভাৰ ব্ৰিজৰ ওপৰদি দ’ খাৱৈত গাড়ীখন এৰি দুজন চোৰ পলায়ন কৰে৷ লগে লগে হেলেম আৰক্ষীয়ে গাড়ীখন জব্দ কৰি তেজপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Police assaulting civilian in Guwahati: SI প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে ৰিজাৰ্ভ ক্ল'জ