ETV Bharat / state

বন বিভাগলৈ কেৰেপ নকৰি বিশ্বনাথ পৰিবহন নিগমৰ বনধংস যজ্ঞ অভিযান অব্যাহত

author img

By

Published : Oct 27, 2020, 7:28 PM IST

বিশ্বনাথত অসম চৰকাৰৰ পৰিবহন নিগমৰ অধ্যক্ষ তথা বিহালী বিজেপি নেতা অশোক ভট্টৰায়ৰ নিৰ্দেশতে বিহালীত গছ-গছনি কাটি তহিলং কৰি গোপনে বিক্ৰী কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷ বিভাগলৈ কেৰেপ নকৰি নিজ ইচ্ছানুসাৰে কাম কৰাৰ অভিযোগ নেতাগৰাকীৰ বিৰুদ্ধে ৷

Bishwanath Assam Transport Corporation's deforestation
বন বিভাগলৈ কেৰেপ নকৰি বিশ্বনাথ অসম পৰিবহন নিগমৰ বন ধংস যজ্ঞ অভিযান অব্যাহত

বিশ্বনাথ, 27 অক্টোবৰ : গছ থাকিলেহে মানুহ থাকিব এই শ্ল'গানৰ জৰিয়তে বন বিভাগে গছ নাকাটিবলৈ ইখনৰ পাছত সিখন সজাগতা সভা আয়োজন কৰি আহিছে । আনহাতে, বন বিভাগৰ অন্যতম এটা বিভাগ সামাজিক বননিকৰণৰ নামত কোটি কোটি টকা খৰচ কৰা বন বিভাগৰ কিন্তু এতিয়া খোদ অসম চৰকাৰৰ পৰিবহন নিগমৰ অধ্যক্ষ তথা বিহালী বিজেপি নেতা অশোক ভট্টৰায়ৰ নিৰ্দেশতে বিহালীত গছ-গছনি কাটি তহিলং কৰি গোপনে বিক্ৰী কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷

বৰগাং বনাঞ্চলিক বিষয়াৰ মন্তব্য

লগতে পঢ়ক : ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন

অভিযোগ অনুসৰি, বিগত দশক ধৰি যধেমধে মাটি কাটি বিহালীৰ শ শ বিঘা কৃষিভূমি ধংস কৰি ক্ষান্ত নোহোৱা বিহালীৰ ইটা ভাটা মালিকৰ চকু এইবাৰ ৰাজহুৱা সম্পত্তিৰ ওপৰত ৷ চৰকাৰী কাৰ্যালয়ৰ চৌহদত থকা গছ অবৈধ ভাৱে কাটি ইটা ভাটাত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে বিহালীত ৷ অভিযোগ অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীয়ে নিজ সমষ্টিৰ বৰগাঁঙত বন বিভাগৰ অনুমতি অবিহনে তেওঁৰ চত্ৰছায়াত বৰগাং পৰিবহণ নিগমৰ বাছ আস্থানত থকা এজোপা বৃটিছৰ দিনৰ আহত গছ আৰু এজোপা কদম গছ কাটিবলৈ বৰগাঁঙৰ টাজ ইটা ভাটাৰ মালিক মুকুট ভট্টাচাৰ্য ওৰফে মইনাক কাটিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ পৰা গৈছে ।

Bishwanath Assam Transport Corporation's deforestation
বিশ্বনাথ অসম পৰিবহন নিগমৰ বন ধংস যজ্ঞ অভিযান

লগতে পঢ়ক : অল-কায়দাৰ সৈতে তালিবানৰ সম্পৰ্ক অটুট আছে : আফগান সেনা

ইফালে, এই ঘটনাৰ পিচতে সোমবাৰে বিয়লি বৰগাং বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দল উপস্থিত হৈ গছ কাটি থকা এখন যন্ত্ৰচালিত কৰত জব্দ কৰাৰ লগতে গছ কটা কাৰ্যক বাধা প্ৰদান কৰে বন বিভাগৰ দলটোৱে ।

ইফালে, এই গছ সমূহ কাটি বৰগাঁঙৰ দুজনমান ইটা ভাটা মালিকে টাজ নামৰ ভাটাটোলৈ নি থকা বুলি জানিব পৰা গৈছে । যি সময়ত চৰকাৰে গছ-গছনি সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেনে সময়তে খোদ চৰকাৰখনৰ পৰিবহন নিগমৰ অধ্যক্ষ তথা বিজেপি নেতা অশোক ভট্টৰায়ে বাছ আস্থানৰ দুয়োকাষে থকা দুজোপাকৈ মূল্যবান গছ সম্পূৰ্ণ অবৈধ ভাৱে কাটি বিক্ৰী কৰা ভংয়কৰ অভিযোগ উত্থাপিত হৈছে বৰগাংৰ মুকট ভট্টাচাৰ্য বিৰুদ্ধে । এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত 'কা' সম্পৰ্কীয় আবেদনৰ শুনানি ল'ব শীৰ্ষ আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.