ETV Bharat / state

কান্ধত ঢোল তুলি ওলাই আহিছে জামুগুৰিহাটৰ একাংশ গাভৰু

author img

By

Published : Mar 27, 2022, 9:33 PM IST

দেওবাৰৰ পৰা জামুগুৰিহাটত আৰম্ভ হৈছে 10 দিনীয়া এক বিহু কৰ্মশালা (Bihu workshop at Jamugurihat)৷ এই কৰ্মশালাত দেখা গৈছে এক ব্যতিক্ৰমি ছবি ৷ কান্ধত ঢোল তুলি ওলাই আহিছে জামুগুৰিহাটৰ একাংশ গাভৰু ৷

Bihu Workshop in various places
কান্ধত ঢোল তুলি ওলাই আহিছে জামুগুৰিহাটৰ একাংশ গাভৰু

চতিয়া, ২৭ মাৰ্চ : মাজত মাথো আৰু কেইটামান দিন বাকী ৷ পদুলিৰ মুখত হেঁপাহৰ ৰঙালী ৷ ঢোল, পেঁপাৰ লহৰত মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ (Bihu preparation in Assam) ৷ ডেকাসকলৰ সমান্তৰালকৈ এইবাৰ কান্ধত ঢোল তুলি লৈছে ৰাজ্যৰ একাংশ গাভৰুৱেও (Bihu Workshop in various places) ৷

আমি ক’বলৈ লোৱা সেই গাভৰুসকল হৈছে জামুগুৰিহাটৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ ঢোলৰ চাপৰ-নাচনিৰ বিহু নাচৰ তালত মুখৰ হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ ৷

কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত দেওবাৰৰ পৰা ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতীৰ তত্বাৱধানত আয়োজন কৰা হৈছে বিহু কৰ্মশালা (Bihu workshop at Jamugurihat) ৷ 27 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে অনুষ্ঠিত হ’ব লগা এই বিহুৰ কৰ্মশালাত প্ৰায় ৫ শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও ডেকা গাভৰুৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ বিহুৰ এই কৰ্মশালাত ডেকাসকলৰ সমান্তৰালকৈ কেইবাগৰাকী যুৱতীয়ে গ্ৰহণ কৰে ঢোলবাদনৰ প্ৰশিক্ষণ ৷

দেওবাৰে এই বিহুৰ কৰ্মশালাখনি উদ্বোধন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শৃংখলাবদ্বতাৰে উপযুক্তভাৱে প্ৰশিক্ষণ দি কণ কণ ছাত্ৰী-ছাত্ৰীসকলক সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই নিব পৰা যাব ৷ এনে কৰিলে বিহুৰ নিজস্ব স্বকীয়তা ৰক্ষা কৰিব পাৰিব আশা কৰিব পাৰি ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে চতিয়াৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.