বিশ্বনাথ,21 অক্টোবৰ : বিহালীৰ যুৱনেতা তথা বৰগাং বিজেপি জিলা পৰিষদৰ সদস্য ৰঞ্জণজ্যোতি দাসৰ বিয়োগ । মঙলবাৰে নিশা প্ৰায় 9.46 বজাত শেষ নিশ্বাস ত্যাগ কৰে যুৱনেতা গৰাকীয়ে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ বিহালীত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে,বিহালী বিজেপি মণ্ডল সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত ৰঞ্জণজ্যোতি দাসে ৷ তদুপৰি,অতি কম সময়ৰ ভিতৰতে বিহালীবাসীৰ মৰম পাইছিল নেতা গৰাকীয়ে ৷
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিধায়ক ৰঞ্জিত দত্ত,বাঘমৰা মণ্ডল কমিটি সভাপতি দধিৰাম শৰ্মা,দীপা ছেত্ৰী,বিহালী কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জু ,মনোজ গৌতম,কংগ্ৰেছ নেতী বৰ্ণালী ফুকনকে ধৰি বহু নেতা-কৰ্মীয়ে ৷
লগতে পঢ়ক : অসম আৰক্ষীৰ বিশ্বস্ত সহযোগী কোৱাৰ্মী