ETV Bharat / state

বিহালী গাঁও পঞ্চায়তত কৰ’ণা সন্দৰ্ভত সজাগতা সভা

author img

By

Published : May 19, 2021, 12:47 PM IST

ৰাজ্যত দিনকদিনে মহামাৰী ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহালী টেলেংগনীয়া গাঁও পঞ্চায়তত ক’ভিড-১৯ সম্পৰ্কীয় সজাগতা সভা । শীঘ্রেই চেনিটাইজাৰ কৰিব ৰাজহুৱা স্থানত ।

covid awarness program at Bihali
বিহালী গাঁও পঞ্চায়তত কৰ’ণা সন্দৰ্ভত সজাগতা সভা

বিশ্বনাথ,19 মে': কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহালী আঞ্চলিক পঞ্চায়তৰ অধীনৰ টেলেংগনীয়া গাঁও পঞ্চায়তৰ সভাগৃহত এখন সজাগতা সভা আয়োজন কৰা হয় ৷ মঙলবাৰে পঞ্চায়তৰ সভানেত্রী জাহ্নবী দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে সচিব শিৱপ্রসাদ শৰ্মাই । বিহালী পঞ্চায়তত বাহিৰৰ পৰা অহা লোকক পৰীক্ষা কৰা, ৰাজহুৱা স্থানত সামাজিক দূৰত্ব বজাই ৰখা, য’তে-ত’তে থু-খেকাৰ নেপেলোৱা আৰু জ্বৰ, চর্দি হ’লে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা এইসমূহৰ ওপৰত আলোচনা কৰা হয় ।

লগতে পঞ্চায়তৰ তৰফৰ পৰা শীঘ্রে ৰাজহুৱা স্থানত চেনিটাইজাৰ কৰাৰো কথা সভানেত্রীগৰাকীয়ে ঘোষণা কৰে । এই সভাত পঞ্চায়তৰ অন্তর্গত চাৰিখন ৰাজহ গাঁৱত পঞ্চায়ত সভানেত্রীক সভাপতি আৰু চৰকাৰী গাঁওবুঢ়াক সচিব হিচাপে লৈ চাৰিখন ক’ভিড নিৰীক্ষণ সমিতি গঠন কৰা হয় ।

এই সভাত আঞ্চলিক সদস্য অমিয় ৰয়, গাঁওৰক্ষী বাহিনীৰ সম্পাদক লক্ষীৰাম বৰা, আশাকর্মী, অংগনবাদী কর্মী, গাঁওবুঢ়াৰ উপস্থিতিত সমাজকর্মী ক্ষীৰোদ দাসে আৰু পঞ্চায়ত সভানেত্রীয়ে ক’ভিডৰ প্রতি লক্ষ্য ৰাখি জনসাধাৰণক সজাগ হ’বৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: বাইহাটাত চন্দ্ৰমোহন-দিগন্তৰ চেনিটাইজেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.