বিশ্বনাথ, ১৫ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দল সংগঠন সমূহৰ । নিজৰ নিজৰ ৰাজনৈতিক ভেটি সবল কৰিবলৈ ইখনৰ পাছত সিখন সভা সমিতি আয়োজন কৰিছে প্ৰতিটো ৰাজনৈতিক দলে ।
সমান্তৰালকৈ, বিশ্বনাথ জিলাতো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে । সোমবাৰে ২০২১ ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টী, বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন আয়োজন কৰে ।
![bihali bjp meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-15-f-bjp-meeting-photo-scrpt-as10018_15022021184417_1502f_1613394857_1074.jpg)
ইয়াত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । মন্ত্ৰী ৰঞ্জিত দত্তই সভাত অংশ গ্রহণ কৰি পৃষ্ঠা প্ৰমুখ সকলৰ সৈতে মত বিনিময় কৰি আগন্তুক বিধান সভা নিৰ্বাচনত কেনেদৰে বিহালী সমষ্টি বিজেপি দখল ৰাখিব পাৰি তাৰ ওপৰত ৰণ কৌশল প্ৰস্তুত কৰে ৷ লগতে দলীয় কৰ্মী সকলে ৰাইজৰ মাজত গৈ বিজেপিয়ে যোৱা ৪ বছৰত কৰা উন্নয়ন সমূহ দাঙি ধৰিবলৈ আহ্বান জনায় মন্ত্ৰী ৰঞ্জিত দত্তই ।
উক্ত সন্মিলনত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাকে ধৰি বহু কেইজন বিজেপি কৰ্মী ।
লগতে পঢ়ক: পুঁজি বিচাৰি ৰাইজলৈ আহ্বান অসম জাতীয় পৰিষদৰ