ETV Bharat / state

সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেলেৰে সজাগতা যাত্ৰা

সাংবাদিকৰ সামজিক সুৰক্ষা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ হোৱা সমস্যাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে চাইকেল যাত্ৰা আৰম্ভ কৰিছে বিশ্বনাথৰ দুই যুৱকে ৷

সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেলেৰে সজাগতা যাত্ৰা
সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেলেৰে সজাগতা যাত্ৰা
author img

By

Published : Aug 21, 2021, 9:35 PM IST

চতিয়া, ২১ আগষ্ট: বিশ্বনাথৰ পৰা বিহপুৰীয়া হৈ মাজুলীলৈ আৰু যোৰহাট হৈ পুনৰ বিশ্বনাথ চাৰিআলিলৈ প্ৰায় ৪৫০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি এক সজাগতা যাত্ৰা আৰম্ভ ৷ এই যাত্ৰাৰ উদ্দেশ্য হ'ল সাংবাদিক সকলৰ সামাজিক সুৰক্ষা আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা ।

এই বিশেষ যাত্ৰা কৰা লে'টছ পেডেলৰ প্ৰতিষ্ঠাপক স্নেহাংকৰ চক্ৰবৰ্তীয়ে জনায় যে, এই যাত্ৰা পথচোৱাত তেওঁৰ লগতে তেজপুৰৰ এগৰাকী চাইকেল আৰোহী সুমেশ ৰাইয়েও চাইকেল চলাই যাত্ৰা কৰিছে ।

সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেলেৰে সজাগতা যাত্ৰা

লগতে পঢ়কঃ জলপ্ৰপাত চাবলৈ গৈ ৰহস্যজনক ভাৱে নিখোজ লখিমপুৰৰ যুৱক

জানিব পৰা মতে, ১৬ আগষ্টত আৰম্ভ কৰা এই যাত্ৰা ২১ আগষ্টত সামৰণি কৰাৰ প্ৰয়াস কৰিছিল স্নেহাংকৰে ৷ এই যাত্ৰাত তেজপুৰৰ চাইকেল বিপনি "ট্ৰেক এণ্ড ট্ৰেইল, "বাইক এণ্ড হাইক্" চতিয়াৰ এক প্ৰকৃতি সম্পৰ্কীয় অনুষ্ঠান "বনছাই" আৰু বিশ্বনাথৰ "য়ুনাইটেড চাইকেল ষ্টোৰ্চ", "মেডিক্লিন" আৰু "গ্ৰাফিকা অফচেট" য়ে যাত্ৰাপথত আৱশ্যকীয় কিছু সামগ্ৰী যোগান ধৰিছে ।

উল্লেখযোগ্য যে, সাংবাদিকৰ সামাজিক সুৰক্ষা বিষয়ক কেন্দ্ৰ কৰি ইতিপূৰ্বে বিভিন্ন সময়ত চাইকেল চলাই সজাগতাৰ সৃষ্টি কৰি আহিছে স্নেহাংকৰে ৷ ইয়াৰ লগে লগে স্নেহাংকৰে জনায় যে, ভৱিষ্যতেও তেওঁ এনেদৰে সাংবাদিকৰ সুৰক্ষাৰ বাবে চাইকেল চলাই যাত্ৰা কৰাৰ বাবে পৰিকল্পনা কৰিছে ৷

লগতে পঢ়কঃ নীলা ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেজপুৰৰ যুৱকৰ ব্যৱসায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.