বিহালী, 10 আগষ্ট : বুধবাৰে বিহালীত বিশ্বনাথ জিলা আপকুৰ বিহালী বিধানসভা সমষ্টিৰ বিষয়ববীয়াসকলৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় সদ্য প্ৰয়াত ভৱেশ শইকীয়াক ৷ সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া আছিল আসাম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৷
লগতে তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ সমাজহিতৈষী ভৱেশ শইকীয়া তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপক শইকীয়াৰ মৃত্যুত অঞ্চলটোত পৰিছে গভীৰ শোক ছাঁ ৷ উল্লেখ্য যে, বুধবাৰে আছিল ভৱেশ শইকীয়াৰ মৃত্যুৰ তৃতীয়টো দিন ৷ সেয়ে শইকীয়াক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ হেতুকে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰগাংস্থিত বাছ আস্থান প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷
জিলা সমিতিৰ সহকাৰী সম্পাদক অম্লান কাশ্যপ চাহাই আঁতধৰা এই কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰণিতা ৰায় ভূঞাই ।
উক্ত অনুষ্ঠানত বিহালী আঞ্চলিক সাংস্কৃতিক মহাসভাৰ সভাপতি ডিম্বেশ্বৰ গোস্বামী, সম্পাদক মঃ খাদেম আলী, বৰগাং শাখা সাহিত্য সভাৰ সম্পাদক তৰুণ দাস, বিহালী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ভূৱন লুইটেল, উপ-সভাপতি খগেন মটক, সদস্য ত্ৰিদিপ দাস,অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক সিংহজিৎ হাজৰিকা, আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ বিষয়ববীয়া অজিৎ কুৰ্মী উপস্থিত থাকে ৷
লগতে বিহালী আঞ্চলিকৰ সভাপতি পবন বাউৰী, সহ সম্পাদক বুলেন গোৱালা, সদস্য উইলিয়াম প্ৰজাও উপস্থিত থাকে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ এওঁলোকৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়া, আঞ্চলিকৰ বিষয়ববীয়া চন্দন দাস, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ সহ সম্পাদক মিন্টু বৰা, এন.এচ.ইউ আইৰ সুশান্ত সিং ৰাজপুত, স্থানীয় যুৱক বিপুল তামুলী, ছহিদুৰ ৰহমান, নৃপেন ওৰাং আপকুৰ বিশ্বনাথ জিলাৰ মুখ্য উপদেষ্টা অমিতাভ বৰুৱা সদস্য মৃণাল অধিকাৰী, কৰণ শইকীয়াও উপস্থিত থাকে এই অনুষ্ঠানত ।
উক্ত অনুষ্ঠানত মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰাৰ পিচতে তেখেতৰ স্মৃতিচাৰণ কৰি কেইবাগৰাকীও বক্তাই বক্তব্য প্ৰদান কৰে ।
লগতে পঢ়ক : Wild elephant terror: মাজুলীত বন্যহস্তীৰ জাকে ভাঙিলে চাৰিটা বাসগৃহ