ETV Bharat / state

বয়স নহয় অধ্যৱসায়ৰ অন্তৰাল: 61 বছৰত লাভ স্নাতক ডিগ্ৰী - tikaram upadhyay

আগ্ৰহ, একাগ্ৰতা আৰু সাধনাৰ ফলত বিহালীৰ টীকাৰাম উপাধ্যায় নামৰ ব্যক্তিজনে ৬১ বছৰ বয়সত লাভ কৰে আইনৰ স্নাতক ডিগ্ৰী ৷ এইগৰাকী ব্যক্তিয়ে শিক্ষা যে এক জীৱনজোৰা পদ্ধতি, এই কথাৰ নিদৰ্শন দাঙি ধৰিছে ৷

বিহালীৰ টিকাৰাম উপাধ্যায়ে ৬১ বছৰ বয়সত লাভ কৰিলে আইনৰ স্নাতক ডিগ্ৰী

author img

By

Published : May 18, 2021, 9:57 AM IST

বিশ্বনাথ,18 মে': বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ মাজগাঁৱৰ এগৰাকী অধ্যয়ন পিপাষু ব্যক্তি যাৰ নাম টীকাৰাম উপাধ্যায় ৷ তিনিকুৰি ঊৰ্ধৰ টিকাৰাম উপাধ্যায় বহুলোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷ কিয়নো যি বয়সত মানুহে এলাহ, অৱসাদ অনুভৱ কৰে, তেনে বয়সত তেওঁ দেখুৱাইছে সফলতা অৰ্জনৰ পথ ৷

বিহালীৰ টিকাৰাম উপাধ্যায়ে ৬১ বছৰ বয়সত লাভ কৰিলে আইনৰ স্নাতক ডিগ্ৰী
টীকাৰাম উপাধ্যায়

টীকাৰাম উপাধ্যায়ে ১৯৭৬ চনতে মেট্ৰিক পাছ কৰিছিল ৷ কিন্তু আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাত উচ্চ শিক্ষা ল’ব পৰা নাছিল ৷ দহ বছৰৰ অন্তত উচ্চ মাধ্যমিক পৰীক্ষা পাছ কৰি ২০১৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰে উপাধ্যায়ে ৷ ইয়াৰ পাচত শিক্ষাৰ প্ৰতি থকা ধাউতিৰ বাবে সম্প্ৰতি ৬১ বছৰ বয়সত তেজপুৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে ৷ এইগৰাকী ব্যক্তিয়ে শিক্ষা যে এক জীৱনজোৰা পদ্ধতি এই কথাৰ নিদৰ্শন দাঙি ধৰিছে ৷

একাগ্ৰতা থাকিলে বয়সৰো কোনো কথা নাথাকে ৷ মাথো সাধনা আৰু আগ্ৰহ থাকিব লাগিব ৷ বৰ্তমান টীকাৰামে আইনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: সোৱণশিৰিত নদীয়ে খেদিছে নৈপৰীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.