ETV Bharat / state

Banikanta Kakati Merit Award: বিশ্বনাথৰ ৭৭০ গৰাকী শিক্ষাৰ্থীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান - Banikanta Kakati Merit Award

বিশ্বনাথ জিলাত দেওবাৰে অনুষ্ঠিত হয় ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ (Dr Banikanta Kakati Merit Award) কাৰ্যসূচী ৷ জিলাখনৰ ৭৭০ গৰাকী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ কৰা হয় । স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ।

Biswanath
বিশ্বনাথৰ ৭৭০ গৰাকী শিক্ষাৰ্থীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
author img

By

Published : Dec 11, 2022, 6:50 PM IST

বিশ্বনাথ, ১১ ডিচেম্বৰ : প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scooty Scheme) অধীনত দেওবাৰে বিশ্বনাথ জিলাত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ(Dr Banikanta Kakati Merit Award) কাৰ্যসূচী অনুষ্ঠিত হয় ৷ জিলাখনৰ ৭৭০ গৰাকী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ কৰা হয় । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটীসমূহ বিতৰণ কৰা হয় । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত এক বিশেষ অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika distributes scooty)।

Biswanath
বিশ্বনাথৰ ৭৭০ গৰাকী শিক্ষাৰ্থীক বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

বিশ্বনাথ জিলাত এইবাৰ মুঠ ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ১৫১ জন ছাত্ৰ আৰু ৬১৯ গৰাকী ছাত্ৰী । এয়া জিলাখনৰ বাবে এক আশাৰ বতৰা বুলি অভিহিত কৰি অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকাই বঁটা লাভ কৰা শিক্ষাৰ্থীসকল অভিনন্দন জনায় ।

ইয়াৰোপৰি অনাগত দিনত এনে প্ৰাপ্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ শৈক্ষিক যাত্ৰাত অধিক মনোনিৱেশ কৰিবলৈ আৰু ইয়াতকৈয়ো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অনেক আঁচনি গ্ৰহণ কৰিছে । বিনামূলীয়া নামভৰ্তিকৰণ, হোষ্টেলৰ আৱাসী ছাত্ৰ-ছাত্ৰীসকলক এককালীন সাহাৰ্য প্ৰদান, ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ ক্ৰয়ৰ বাবে আৰ্থিক সকাহ প্ৰদানো কৰি আহিছে ।

অনুষ্ঠানত বিশ্বনাথৰ উপাযুক্ত মুণিন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই । অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে লিজা তালুকদাৰ, ড০ সূৰ্যকমল বৰা, বিশ্বজিৎ শইকীয়া, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস, জিলাখনৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলৰ উপৰিও অভিভাৱক, শিক্ষাৰ্থী তথা ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

এই কাৰ্যসূচীত আনুষ্ঠানিকভাৱে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় (Scooty distribution program in Biswanath)। স্কুটী লাভ কৰা বিশ্বনাথ জিলাৰ শিক্ষাৰ্থীসকলক প্ৰথমে তেওঁলোকৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু আন নথি পত্ৰৰ আধাৰত প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় । সভাস্থলীত সংলগ্ন ১৫ টা কাউন্টাৰৰ জৰিয়তে প্ৰশস্তি পত্ৰসমূহ বিতৰণ কৰা হয় । আনহাতে বঁটাপ্ৰাপক শিক্ষাৰ্থীসকলে তেজপুৰৰ ৰুদ্ৰ মটৰ্চৰ পৰা পৰ্যায়ক্ৰমে স্কুটীসমূহ লাভ কৰিব পৰিব বুলি উপায়ুক্তই জনাইছে ।

লগতে পঢ়ক :Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.