বিশ্বনাথ, ২২ ডিচেম্বৰঃ ২০১৮ চনতে বিশ্বনাথৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত:সহযোগী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰৰ ঘৰৰ পৰা চুৰি হৈছিল এখন ৰয়েল এণ্ডফিল মটৰ চাইকেল । এই সন্দৰ্ভত অধ্যাপক গৰাকীয়ে বিশ্বনাথ আৰক্ষী থানাত এটা গোচৰ দিছিল যদিও কোনো ধৰণৰ সু-ফল পোৱা নাছিল আৰক্ষীয়ে । কিন্তু যোৱা ২৫ নবেম্বৰত হঠাৎ অধ্যাপক গৰাকীৰ মবাইলত এক মেছেজ আহে । য'ত লিখা আছিল আপোনাৰ মটৰচাইকেলখন চাৰ্ভিচিং কৰোৱাৰ বাবদ ইমান টকা আপুনি আমাক দিব লাগে আৰু আপুনি আপোনাৰ মটৰ চাইকেলখন ইমান বজাত লৈ যাব পাৰিব । সেই মেছেজ অহাৰ লগে লগে অধ্যাপক গৰাকীয়ে বিশ্বনাথৰ এণ্ডফিল ডিলাৰৰ লগত কথা বতৰা পাতি জানিবলৈ সক্ষম হ'ল যে, তেওঁৰ মটৰ চাইকেলখন কহিমাত আছে আৰু সেই মটৰ চাইকেলখন কহিমাৰে B.H.Recare নামৰ এখন ৰয়েল এণ্ডফিল ডিলাৰত চাৰ্ভিচিং কৰিবলৈ দিয়া হৈছে । অধ্যাপক গৰাকীয় এই খবৰ বিশ্বনাথৰ সদৰ ডি এছ পি মোজাফৰ হুছেইনক জনাই যদিও ডি এছ পি গৰাকীয়ে কহিমাৰ ডিলাৰটোৰ লগত যোগাযোগ কৰি গম পায় যে, ডিলাৰ কৰ্তৃপক্ষই ইতিমধ্যে মটৰ চাইকেলখন ডেলীভাৰি দিলে।


লগতে পঢ়কঃ নগাঁৱত সভ্যতাৰ উদ্যোগত "সভ্যতা সাময়িকী" গ্ৰন্থৰ শুভ উন্মোচন