বিশ্বনাথ,27নৱেম্বৰঃ শুকুবাৰে বিহালী সমষ্টিৰ বাঘমৰা বিজেপি মণ্ডলৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় । বাঘমৰা বিজেপি মণ্ডলৰ সভাপতি দধীৰাম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জৰাবাৰী আৰু বুঢ়ীগাং পঞ্চায়তৰ অধিকাংশ বিজেপি কৰ্মী উপস্থিত থাকে ।
বিধায়ক তথা মন্ত্ৰী দত্তই প্ৰতিজন কৰ্মীৰ অভাৱ অভিযোগৰ বুজ লয় । সভাত আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ দলীয় কৰ্মীৰ প্ৰতিগৰাকীয়ে কৰ্মীয়ে দিন ৰাতি কষ্ট কৰিলেহে দলটো অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে দত্তই । ইফালে এই সভাতে বাঘমৰা মণ্ডলৰ ৮৯ গৰাকী ব্যক্তিক বিধায়ক উন্নয়ন পুঁজি SUHRID আচঁনিৰ অধীনত উন্নত চিকিৎসাৰ বাবে চেক প্ৰদান কৰে সমষ্টি বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই ।
লগতে পঢ়কঃ ‘Cyclone’ কি?