ETV Bharat / state

বিশ্বনাথত অব্যাহত ভয়ংকৰ গৰাখহনীয়া - গঢ়া খহনীয়া

বিশ্বনাথত এতিয়াও অব্যাহত ভয়ংকৰ গৰাখহনীয়া ৷ ব্ৰহ্মপুত্ৰৰ সোঁতে খহাই নিছে বিশ্বনাথৰ পানপুৰ-কুমলীয়া সংযোগী মথাউৰি ৷

বিশ্বনাথত অব্যাহত ভয়ংকৰ গৰাখহনীয়া
author img

By

Published : Jul 26, 2019, 4:47 PM IST

Updated : Jul 26, 2019, 5:18 PM IST

বিশ্বনাথ, 26 জুলাই : যোৱা তিনিটা দশকৰ ভিতৰত সৰ্ববৃহৎ বানত কক্ বকাবলগীয়া হৈছে ৰাজ্যবাসী ৷ এই পৰ্যন্ত বানত ডুবি আৰু ভূমিস্খলনৰ ঘটনাত প্ৰাণ গৈছে অৰ্ধ-শতাধিক লোকৰ ৷ ৰাজ্যৰ 33 খন জিলাৰ ভিতৰত 32 খনতেই প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷

বিশ্বনাথত অব্যাহত ভয়ংকৰ গৰাখহনীয়া

মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ ফলত ৰাজ্যৰ বহু অঞ্চলত এতিয়াও অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া ৷ বৃহস্পতিবাৰে নিশা প্ৰায় দুই বজাত বিশ্বনাথৰ পানপুৰ - কুমলীয়া সংযোগী মথাউৰিৰ ভয়ংকৰ গৰাখহনীয়া হোৱাৰ ফলত আতংকিত হৈ পৰে কুমলীয়াবাসী ৰাইজ ৷ প্ৰাণৰ মমতাত ঘৰৰ সকলো বয় - বস্তু ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে আতংকিত ৰাইজে ৷

অঞ্চলটোৰ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক মথাউৰিটো মেৰামতিৰ বাবে অনুৰোধ জনোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। ৷ ফলত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

Intro:as_biswanath_ 26_july_gora khohoniya_801_vis_byte_scrpt_as10018
Body:as_biswanath_ 26_july_gora khohoniya_801_vis_byte_scrpt_as10018
Conclusion:as_biswanath_ 26_july_gora khohoniya_801_vis_byte_scrpt_as10018

অব্যাহত আছে ভয়াৱহ গড়াখহনীয়া
কাণসাৰ নাই কৰ্তৃপক্ষ কিম্বা ৰাজ্যৰ জন প্ৰতিনিধিৰ

ৰাজ্যত হৈ থকা ভয়াৱহ বান পৰিস্থিতিৰ ফলত বহু লোকে হেৰুৱালে নিজৰ আপোন ঘৰখন , নিজৰ আপোন জনক ৷

বৰ্তমান কিছু কিছু ঠাইত বান পানী হ্ৰাস পাইছে যদিও বহু সংখ্যক বান পীড়িত লোকে এতিয়াও আশ্ৰয় শিবিৰতে একাকাৰ কৰিব লগীয়া হৈছে দিন কিম্বা ৰাতি ৷

কিন্ত তাৰ মাজতে অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ গৰাখহনীয়াৰ ৷

V.O :-

এই দৃশ্যলৈ মন কৰক , চপৰা চপৰে খহাই নিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে বিশ্বনাথৰ পানপুৰ- কুমলীয়াৰ সংযোগীএই মাথাউৰিটো ৷

কুমলীবাসীৰ একমাত্ৰ আশা আৰু ভৰষাৰ এই মাথাউৰিটো এবাৰ নহয় দুবাৰ নহয় তৃতীয়বাৰলৈ কালৰূপী বলিয়া বানে কঢ়িয়াই আনিছে অশনি সংকেত ৷

যোৱা নিশা প্ৰায় দুইমান বজাৰ পৰাই চপৰা চপৰে চকুৰ সন্মুখতে খহি গৈছে এই নতুন মাথাউৰিটো ৷ বহু খেতি পথাৰ আদি গড়া খহনীয়াই উটুৱাই নিয়াৰ পাছত এতিয়া বহুতৰ ঘৰ বাৰী যাওঁ যাওঁ উপক্ৰম ৷

তাকেলৈ ভয়াৱহ আতংকিত হৈ পৰিছে বিশ্বনাথৰ কুমলীয়া বাসী ৰাইজ৷ প্ৰাণৰ মমতাত ঘৰৰ সকলো বয়বস্তু ভাঙি নিপাপদ স্থানলৈ স্থানান্তৰ হোৱা দেখা গৈছে ৷বহু বাৰ বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰক মাথাউৰিটো মেৰামতি কৰিবৰ বাবে জনোৱাৰ স্বত্বেও এতিয়ালৈকে খবৰ ল'বলৈ আহৰি নাই শূন্যসহনশীল চৰকাৰৰ বৰমূৰীয়া সকলৰ ৷ নে এইদৰেই চকুৰ সন্মুখতে গড়া খহনীয়াৰ কৱলত সমগ্ৰ অঞ্চল উটি যোৱাৰ পাছতহে গা লৰিব নেকি বিভাগীয় কৰ্তৃপক্ষ কিম্বা চৰকাৰী বৰমূৰীয়া সকলৰ ৷ বাৰম্বাৰ কিয় বাৰিষাৰ আগমূহূৰ্ততে মেৰামতি অথবা উন্নত কৰা নহয় এই মাথাউৰি সমূহ ৷ ৰাজ্যৰ ভয়াৱহ গড়া খহনীয়া ৰোধ কৰিবলৈ কিয় বাৰম্বাৰ ব্যৰ্থ ৰাজ্য চৰকাৰ ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Jul 26, 2019, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.