বিশ্বনাথ, 12 মে' : বিশ্বনাথৰ পৰা গুৱাহাটীলৈ মংগলবাৰৰ পৰা আৰম্ভ কৰা হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা ৷ বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ আৰম্ভ কৰা হৈছে এই সেৱা ৷ এই বাছত কেৱলমাত্ৰ বিশেষ প্ৰয়োজন সাপেক্ষে যাব লগা যাত্ৰী সকলেহে যাত্ৰা কৰিব পাৰিব ৷ এই কথা সদৰি কৰে ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ।
www.Redbus.in ৰ জৰিয়তে টিকট বুক কৰি যাত্ৰা কৰিব পাৰিব যাত্ৰী সকলে ৷ আনহাতে, বাছত যাত্ৰা কৰাৰ সময়ত সকলো যাত্ৰীৰ বাবে মাস্ক বাধ্যতামূলক কৰা হৈছে বুলি উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে ৷
লগতে প্ৰতিখন বাছে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি যাত্ৰা আৰম্ভ কৰা বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইফালে যাত্ৰী সকলকো সামাজিক দূৰত্ব মানি সকলো নীতি-নিৰ্দেশনা পালন কৰি যাত্ৰা কৰিবলৈ অনুৰোধ জনাই অধ্যক্ষ গৰাকীয়ে ৷
লগতে পঢ়ক : বিশেষ ট্ৰেইনৰ বাবে নাগৰিকৰ 16 কোটি টকাৰ বুকিংঃ ৰেলৱে'