বিশ্বনাথ, 25 নৱেম্বৰঃ বিহালীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ প্ৰতিবাদ ৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবেক দাসৰ নেতৃত্বত ৰূপায়ণ কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী ৷ অসমত বন্ধ হৈ থকা কাগজ কল,নামৰূপৰ সাৰ কাৰখানা শীঘ্ৰে মুকলি কৰাৰ লগতে অসমৰ উদ্যোগ সমূহৰ ব্যক্তিগত কৰণ নকৰা আদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে, অসম চৰকাৰক অসমত উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবেক দাসে ৷ যাতে কোনে অসমীয়া যুৱকক বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় ৷
গুৰু-শিষ্যৰ সংঘাত: গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত অৰাজক পৰিস্থিতি