ETV Bharat / state

World Yoga Day : অসম ৰাইফলছৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব যোগ দিৱস । ব্যতিক্ৰম নহয় অসমো (Assam observed Yoga day 2022)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশ্ব যোগ দিৱসৰ । অসম ৰাইফলছেও আজি বিভিন্ন স্থানত আয়োজন কৰে বিশ্ব যোগ দিৱসৰ (Assam Rifles celebrated Yoga day)।

author img

By

Published : Jun 21, 2022, 6:42 PM IST

a
a

বিশ্বনাথ, ২১ জুন : আজি বিশ্ব যোগ দিৱস (World Yoga Day)। ২০১৫ চনৰ পৰা প্ৰতিবছৰে ২১ জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাবে পালন কৰি অহা হৈছে (world yoga day started from year 2015)। ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাবে ঘোষণা কৰে (United Nations declared 21 June as Yoga day)।

যোগ হৈছে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ব্যায়াম, যাৰ উৎপত্তি ভাৰতত । ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাবে পালনৰ পৰামৰ্শ আগবঢ়াইছিল (Narendra MOdi suggest 21 june as world yoga day)। উল্লেখ্য, ২১ জুন তাৰিখটো হৈছে বছৰটোৰ আটাইতকৈ দীঘল দিন।

a
অসম ৰাইফলছৰ উদ্যোগত বিশ্ব যোগ দিৱসৰ কাৰ্যসূচী

আজি ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব যোগ দিৱস । ব্যতিক্ৰম নহয় অসমো (Assam observed Yoga day 2022)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিশ্ব যোগ দিৱসৰ । অসম ৰাইফলছেও আজি বিভিন্ন স্থানত আয়োজন কৰে বিশ্ব যোগ দিৱসৰ (Assam Rifles celebrated Yoga day)। অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ২১ ছেক্টৰৰ অধীনত অসম ৰাইফলছৰ লখৰা বেটেলিয়ন আৰু ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ উদ্যোগত আয়োজন কৰা হয় যোগ দিৱসৰ ।

মঙলবাৰে শোণিতপুৰ জিলাৰ লখৰা, ঢেকীয়াজুলি, ডুমডুমা আৰু বিশ্বনাথ জিলাৰ হেলেম, বালিপুখৰী, ইটাখোলাকে ধৰি বিভিন্ন স্থানত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা যোগ কাৰ্যসূচীত বিভিন্ন যোগাসন আৰু ধ্যান সম্পন্ন কৰে অসম ৰাইফলছৰ জোৱানসকলে । আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰো অসম ৰাইফলছৰ বেটেলিয়নৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় (PM Modi Speech on World Yoga day 2022)।

আজিৰ যোগ দিৱসৰ কাৰ্যসূচীতত ৪৮২ জন কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে । আনহাতে, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত লখৰা অসম ৰাইফলছ বেটেলিয়নে আয়োজন কৰা যোগ দিৱসত মুঠ ৫৪ জন অসামৰিক লোকেও অংশগ্ৰহণ কৰা বুলি এক প্ৰেছ বিবৃতিত জনাইছে অসম ৰাইফলছে ।

লগতে পঢ়ক :International Yoga Day: ভাৰত-চীন সীমান্তৰ লুংলাৰ 67 নং SSB ৰ শিবিৰত যোগ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.