বিশ্বনাথ, ৬ নৱেম্বৰ : শুক্ৰবাৰে বিশ্বনাথ চাৰিআলিৰ বুলবুল কমপ্লেক্সত শুৱালকুছি ট্ৰেডমাৰ্ক যুক্ত পাট-মুগাৰ কাপোৰৰ প্ৰতিষ্ঠান বিউটি চিল্ক নামৰ প্ৰতিষ্ঠানখন মুকলি কৰে বিশ্বনাথ জিলাৰ ভাৰপ্ৰাপ্ত জন সংযোগ বিষয়া টিলিনা টাইডয়ে । সাংবাদিক শ্ৰীমন্ত দাসে আঁত ধৰা অনুষ্ঠানটো বিশ্বনাথ চাৰিআলি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বিশিষ্ট কবি তথা সমাজ সেৱিকা স্নিগ্ধা গোস্বামী হাজৰিকা, বিশিষ্ট সমাজ সেৱক ড০ কিশোৰ হাজৰিকা, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰতন ভূঞাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

প্ৰতিষ্ঠানখন মুকলি কৰি জন সংযোগ বিষয়া গৰাকীয়ে বিশ্বনাথ চাৰিআলিৰ দৰে ঠাইত শুৱালকুছিৰ ফেক্টৰীত তৈয়াৰ কৰা পাট মুগা কাপোৰ গ্ৰাহকক যোগান ধৰাৰ উদ্দেশ্য যি প্ৰতিষ্ঠানখন মুকলি কৰিছে, সেই ধাৰা ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ প্ৰতিষ্ঠানখনৰ মালিক পক্ষক আহ্বান জনায় । আনহাতে প্ৰতিষ্ঠান খনৰ মালিক পক্ষৰ হৈ নৱজ্যোতি দেউৰী আৰু কল্প দেউৰীয়ে প্ৰতিগৰাকী সাংবাদিক আৰু আমন্ত্ৰিত অতিথিক একোখনকৈ গামোচাৰে আদৰণি জনায় ।
লগতে পঢ়কঃ খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ নতুন আইন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য