ETV Bharat / state

মুখ্যমন্ত্ৰীৰ হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ সপোন সাকাৰ নহয় : অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ

author img

By

Published : Sep 4, 2022, 10:03 AM IST

বিশ্বনাথত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদ মেল (Asom sankhyalaghu sangram parishad) ৷ পৰিষদৰ সভাপতি মৌলানা আহমেদ আলীয়ে সংবাদমেলখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে ৷

Asom sangkhyaloghu sangram parishad press meet in Biswanath on jehadi
হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ মুখ্যমন্ত্ৰীৰ সপোনে কেতিয়াও সাকাৰ ৰূপ নাপায়: অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ

বিশ্বনাথ, ৩ ছেপ্টেম্বৰ: ৰাজ্যখনৰ সংবাদ শীৰ্ষ দখল কৰি অহা জেহাদী সন্দৰ্ভত এইবাৰ সৰৱ হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (Asom sankhyalaghu sangram parishad) ৷ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে (Himanta Biswa Sarma) ৷

সংবাদমেলখনত পৰিষদৰ সভাপতি মৌলানা আহমেদ আলীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যদি জেহাদীৰ আলম লৈ ৰাজ্যৰ মাদ্ৰাছা উচ্ছেদ অভিযান চলাব পাৰে (Eviction in Madrasa), তেনেহলে অসমৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহ আজি পৰ্যন্ত ভাঙি পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় ? জেহাদী সন্দৰ্ভত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কেৱল এটি ধৰ্মক টাৰ্গেট কৰি সমাজৰ এটি শ্ৰেণীৰ ওপৰত হাৰাশাস্তি চলায় অহা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ জেহাদীৰ নাম লৈ চলি থকা কাৰ্যকলাপসমূহে ৰাজ্যখনত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি আলীয়ে কয় ৷

জেহাদীৰ নামত কোনো তথ্য প্ৰমাণ প্ৰদৰ্শন নকৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী অথবা ডিজিপিগৰাকীয়ে কেৱল মন্তব্য প্ৰদান কৰিয়ে সংখ্যালঘুসকলৰ ওপৰত নিৰ্বিবাদে বুলড'জাৰ চলায় যোৱা বুলি সংবাদমেলখনত উল্লেখ কৰে পৰিষদৰ সভাপতিগৰাকীয়ে ৷

সংবিধানৰ গণ্ডিত থাকি কাম কৰিবলৈ জিলা সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে শক্তি প্ৰদৰ্শনৰে কেতিয়াও সফল হ’ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে । জেহাদী ইছলাম ধৰ্মৰ শত্ৰু, জেহাদীসকলে কেতিয়াও ধৰ্ম পালন নকৰে বুলি উল্লেখ কৰাৰ লগতে জেহাদী বিৰোধী অভিযানত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীক সহযোগিতা আগবঢ়াব বুলি পৰিষদৰ সভাপতিগৰাকীয়ে কয় (Operation against jihadi in Assam) ৷

মুকলিকৈ হাতত অস্ত্ৰ লৈ ধুবুৰিৰ কোনো স্থানত বজৰং দলৰ প্ৰশিক্ষণ চলাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছতো আজি পৰ্যন্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত নিৰ্লিপ্ত হৈ থকাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপন কৰে পৰিষদৰ সভাপতিiৰাকীয়ে ৷

ধৰ্মীয় সংখ্যালঘুসমূহৰ ওপৰত ইচ্ছাকৃতভাৱেই ৰাজ্য চৰকাৰে আক্ৰমণ চলাইছে বুলি উল্লেখ কৰাৰ লগতে হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ মুখ্যমন্ত্ৰীগৰাকীৰ সপোনে কেতিয়াও সাকাৰ ৰূপ লাভ নকৰে বুলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সভাপতি মৌলানা আহমেদ আলীয়ে কয় ৷

লগতে পঢ়ক: নগাঁৱত আটক ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া ৰাজু আলম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.