বিশ্বনাথ, 17 জুনঃ বজাৰৰ নিবিদা প্ৰদানক লৈ সোমবাৰে উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হ'ল বিশ্বনাথৰ বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৷ নিবিদা প্ৰদানক লৈ আৰক্ষী আৰু নিবিদাকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷ উল্লেখযোগ্য যে বিশ্বনাথ জিলা পৰিষদৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ড তথা বিহালী আঞ্চলিক পঞ্চায়তৰ অধিনত থকা ৪খনকৈ বজাৰৰ নিবিদা অনুষ্ঠিত হৈছিল। এই নিবিদা প্ৰক্ৰিয়াত বিহালীৰ ৩১ জনকৈ লোকে আবেদন কৰিছিল। বিশেষকৈ বিহালী আঞ্চলিক পঞ্চায়ত অধিনৰ ৩খন সাপ্তাহিক বজাৰ আৰু এখন দৈনিক বজাৰৰ নিবিদা প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সোমবাৰে অনুষ্ঠিত হোৱা নিবিদা প্ৰক্ৰিয়াত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰগাং দেওবৰীয়া সাপ্তাহিক বজাৰ,বৰগাং দৈনিক বজাৰ,বেদেতী বুধবৰীয়া সাপ্তাহিক বজাৰ আৰু বিহমাৰী সাপ্তাহিক বজাৰৰ নিবিদা প্ৰদানক লৈ একাংশ নিবিদা প্ৰদানকাৰীৰ সমৰ্থকৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয় ৷ একাংশ মহলদাৰে সাংগোপাংগক লৈ উন্নয়ন খণ্ডত উপস্থিত হৈ আন একাংশ মহলদাৰৰ সমৰ্থক সকলৰ মাজত নিবিদা প্ৰদানকলৈ প্ৰচণ্ড হতাহতি কৰা পৰিলক্ষিত হয়।
ইফালে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিহালী উন্নয়ন খণ্ড তথা বিহালী আঞ্চলিক পঞ্চায়তত উপস্থিত হোৱা বৰগাং আৰক্ষী চকীৰ ভা:প্ৰাপ্ত আৰক্ষী বিষয়া অজিত ফুকনে একাংশ মহলদাৰৰ সমৰ্থকক হুলস্থুল নকৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল যদিও বিষয়াজনৰ কথাত গুৰুত্ব নিদি আৰক্ষীৰ দলটোকহে উপদেশ দিবলৈ চেষ্টা কৰে। ইয়াৰ পিচতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও একাংশ নিবিদা প্ৰদান কৰিবলৈ যোৱা মহলদাৰৰ সমৰ্থকে আৰক্ষীকো প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৷ পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াৰ উপস্থিত হৈ সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে।