ETV Bharat / state

অহা ২৬ নৱেম্বৰৰ ধৰ্মঘটলৈ সমৰ্থন চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলৰ - নৱেম্বৰত

অহা ২৬ নৱেম্বৰত আহ্বান জনোৱা দেশজোৰা সাধাৰণ ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলে । ধৰ্মঘটৰ লগত সংগতি ৰাখি বাগিচাই বাগিচাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পল্লৱলোচন দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীও গ্ৰহণ কৰিছে সংগঠনটোৱে ।

অহা ২৬ নৱেম্বৰৰ ধৰ্মঘটলৈ সমৰ্থন চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলৰ

author img

By

Published : Nov 25, 2020, 9:26 PM IST

বিশ্বনাথ, ২৫ নৱেম্বৰ: বিজেপি চৰকাৰৰ জনস্বাৰ্থবিৰোধী নীতিৰ বিৰোধিতাৰে অহা ২৬ নৱেম্বৰত আহ্বান জনোৱা হৈছে দেশজোৰা সাধাৰণ ধৰ্মঘট । এই ধৰ্মঘট কাৰ্যসূচী সফল কৰি তুলিবলৈ বাওঁপন্থী দলসমূহে বিগত কেইবাদিনো ধৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে আৰু ৰাইজক এই কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে । দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনোৱাৰ কথা বুধবাৰে প্ৰকাশ কৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলে ।

ইতিমধ্যে INTUC, AITUC, CITU, AICCTU আদিৰ দৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহেও সঁহাৰি জনাইছে দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰতি । বুধবাৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলে ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ বাবে দেশখনে ভয়াৱহ বিপদ আৰু সংকটৰ দিশত গতি কৰিছে বুলি তীব্ৰ সমালোচনা কৰে । চাহ শ্ৰমিকক ৩৫০টকা মজুৰি আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ভোটেৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰে সম্পূৰ্ণভাৱে শ্ৰমিকবিৰোধী স্থিতি গ্ৰহণ কৰিলে বুলি ক্ষোভ উজাৰে ।

শ্ৰম আইন সংশোধন কৰি কামৰ সময় ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰিলে, শ্ৰম বিভাগক গুৰুত্বহীন কৰি চাহ শ্ৰমিকৰো অধিকাৰসমূহ কাঢ়ি নিব খুজিছে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই । লগতে অভিযোগ তোলে যে, কৰ'ণা মহামাৰীৰ সুযোগ লৈ বিজেপি চৰকাৰে সম্পূৰ্ণ বেপৰোৱাভাৱে দেশৰ সম্পদ সৃষ্টিকাৰী ৰাজহুৱা খণ্ড ৰে'ল, তৈলক্ষেত্ৰ, বেংক, বিদ্যুৎ, বীমাকে আদি কৰি লাভজনক উদ্যোগ, প্ৰতিষ্ঠানসমূহক পুঁজিপতিৰ হাতত বিক্ৰী কৰি দেশখনক পৰনিৰ্ভৰশীল কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে ।

বৃহস্পতিবাৰে ধৰ্মঘটৰ লগত সংগতি ৰাখি বাগিচাই বাগিচাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পল্লৱলোচন দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোলৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইকৰে ।

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিহালীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.